গছ বগাই চৰাইৰ কৃত্ৰিম বাহ সংস্থাপন কৰে আয়ুক্ত দেৱাশীষ শৰ্মাই

ডিজিটেল সেৱা, নগাঁও: প্ৰকৃতিৰ সৌন্দৰ্য্যতা তথা সুস্থিতি বাহাল ৰখাত আমাৰ পক্ষীবোৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ বিভিন্ন কাৰ্য্যকলাপৰ বাবে পক্ষীবোৰৰ স্বাভাৱিক বাসস্থান ধ্বংস হৈছে আৰু প্ৰকৃতিকগত ভাবে নিজৰ বাহ সাজি উলিওৱা কামটো কঠিন হৈ পৰিছে । এনে পৰিবেশত পক্ষীবোৰৰ বাবে আমাৰ মানৱ সমাজৰ চিন্তা আৰু ভূমিকা সুদূৰপ্ৰসাৰী হোৱা উচিৎ । যদি পক্ষীৰ বাবে কৃত্ৰিম বাহ সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা যায়, তাত পক্ষীয়ে সুৰক্ষিতভাৱে বাস কৰা, কণী দিয়াৰ লগতে পোৱালি জগাব পাৰিব । ইয়াৰ দ্বাৰা চৰাইৰ সংখ্যা বৃদ্ধি পাব, খেতি-পথাৰৰ কীট-পতংগ নিয়ন্ত্ৰণ হব আৰু প্ৰাকৃতিক ভাৰসাম্য বৰ্তি ৰব ।

ইয়াৰোপৰি চৰাইৰ মধুৰ কোলাহলে আমাৰ পৰিৱেশত এক সৌন্দৰ্য্যৰ লহৰ সৃষ্টি কৰিব । তেনে এক মহৎ কাৰ্য্য আগত ৰাখি জিলা প্ৰশাসনৰ আহ্বানত “অনুসন্ধান উন্নয়ন সমিতি” নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত প্ৰকৃতিৰ সৈতে সকলোকে সংপৃক্ত হোৱাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৭ ছেপ্তেম্বৰ দেওবাৰে নগাঁও জিলা আয়ুক্তৰ চৰকাৰী বাসভৱনৰ প্ৰাংগণত সুন্দৰ প্ৰাকৃতিক পৰিবেশত থকা গছ সমূহত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিজেই বগাই কেইবাটাও চৰাইৰ কৃত্ৰিম বাহ সংস্থাপন কৰে।

Related Articles