ডিজিটেল সেৱা: অসমৰ লগতে দেশৰ সাংস্কৃতিক জগতৰ মহান শিল্পী প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে, শিল্পী গৰাকীৰ প্ৰকৃতিৰ প্ৰতি থকা আত্মিক সম্পৰ্ক আৰু গভীৰ প্ৰেমৰ প্ৰতিদানস্বৰূপে ২৬ ছেপ্টেম্বৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চল । দুৰ্গা পূজাৰ প্ৰাকক্ষণত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়াত মহান শিল্পী গৰাকীক শ্ৰদ্ধা জনায় এইবাৰ কিছু আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

২৬ ছেপ্টেম্বৰ তাৰিখে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ২০২৫-২৬ বৰ্ষৰ পৰ্যটনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চলৰ বাগৰি ৰেঞ্জ (সীমিত এলেকা) অঞ্চলটি কেন্দ্ৰীয়ভাৱে পৰ্যটকৰ বাবে মুকলি কৰে ।বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মর্যাদা লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সমগ্ৰ বিশ্বজুৰি পৰিচিত । বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ স্বাভাৱিক বাসভূমি হিচাপে খ্যাত এই উদ্যানখন মাত্ৰ গঁড়ৰ জীৱকুলতেই সীমাবদ্ধ নহয়, বাঘ, হাতী , বিবিধ বান্দৰ, বনৰীয়া ম’হ, হৰিণকে আদি কৰি অসংখ্য দুৰ্লভ বনৰীয়া প্ৰাণীৰ স্বৰ্গভূমি । লগতে শতাধিক প্ৰজাতিৰ পক্ষী, জলজ জীৱ-জন্তু, সৰীসৃপ আৰু সজীৱ উদ্ভিদৰ বৈচিত্ৰ্যই পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।প্ৰতি বছৰে দেশ বিদেশৰ লক্ষাধিক পৰ্যটক এই উদ্যানলৈ ভ্ৰমণ কৰিবলৈ আহে ।

বিগত বৰ্ষত পৰ্যটকৰ আগমনেৰে সৰ্বকালীন অভিলেখ সৃষ্টি কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে, যাৰ ফলত অসমৰ পৰ্যটন খণ্ডত এটা বিশেষ গৌৰৱৰ অধ্যায় সূচনা হৈছে। এই অনুষ্ঠানতে সাংসদ গৰাকীৰ উপস্থিতিত ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনৰ আৰ.ই.চি.চি. ৰ এছ.আৰ.ৰ সমৰ্থিত এ.পি.চিৰ সৌৰ-খোৱাপানী উন্নীতকৰণ ব্যৱস্থাটিও উদ্বোধন কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে দ্বাৰ মুকলি এই অনুষ্ঠানত খুমতাই বিধানসভা সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা ড° সোনালী ঘোষ, বন বিভাগৰ বিষয়াসকল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত বিভিন্ন সংগঠনৰ নেতৃবৃন্দ, প্ৰতিনিধি, সমাজকৰ্মী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।