কাজিৰঙাত হ’ব ৩৪ কিঃমিঃ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ

ডিজিটেল সেৱা: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীৱ-জন্তুৰ বাধাহীন চলাচল সুনিশ্চিত কৰিবলৈ ৩৪.৪৫ কিলোমিটাৰ এলিভেটেড কৰিড’ৰৰ বাবে বিত্তীয় অনুমোদন জনালে কেন্দ্ৰীয় চৰকাৰৰে। কলিয়াবৰ- নুমলীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ ৮৫ কিলোমিটাৰ সম্প্ৰসাৰণ হব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰী কৰিছে যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ ‘NH-715’ৰ কালিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰণৰ বাবে বুধবাৰে অনুমোদন জনাইছে । লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে নিৰ্মাণ হ’বলগীয়া ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ প্ৰকল্পৰো অনুমোদন দিছে । এই প্ৰকল্পই অসমৰ সংযোগ ব্যৱস্থাত এক নতুন মাত্ৰা যোগ কৰিব আৰু মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ এক নতুন নজিৰ স্থাপন কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে ৷মুখ্যমন্ত্ৰীৰ মন্তব্য যে কলিয়াবৰ-নুমলীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ প্ৰকল্পৰ অন্তৰ্গত কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্প বুধবাৰে কেন্দ্ৰীয় কেবিনেটত অনুমোদন যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ’ব ৷

মূলত তিনিটা দিশত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰে উপকাৰিতা আগবঢ়াব ।এই এলিভেটেড প্ৰকল্পই যান-বাহনৰ সুচল যাতায়ত ব্যৱস্থাৰ লগতে পথ দুৰ্ঘটনাত বন্যপ্ৰাণীৰ মৃত্যু ৰোধ কৰিব । কাজিৰঙাৰ এলিভেটেড কৰিড’ৰটোক এক ‘গেম-চেঞ্জাৰ’ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে উচ্চ গতিৰ যান-বাহনৰ চলাচলত কোনো বাধা নাথাকিব আৰু বন্যপ্ৰাণীৰ অবাধ চলাচলৰ বাবেও সুবিধা থাকিব, যাৰ ফলত জীৱ-জন্তুৰ সংৰক্ষণ নিশ্চিত হ’ব ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক বিষয়ৰ কেবিনেট সমিতিয়ে কলিয়াবৰ- নুমলীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে অনুমোদন জনাইছে । এই প্ৰকল্পৰ অধীনত বৰ্তমানৰ পথটোক চাৰিলেনযুক্ত ঘাইপথলৈ উন্নীত কৰা হ’ব আৰু কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । কাজিৰঙাৰ ৩৪.৪৫ কিল’মিটাৰৰ এলিভেটেড কৰিড’ৰকে ধৰি মুঠ ৮৫.৬৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পৰ আনুমানিক ব্যয় ৬,৯৫৭ কোটি টকা হ’ব।

Related Articles