ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰশাসনিক বিষয়া গায়ত্ৰী বৰুৱাৰ চাকৰি জীৱন অন্ত পৰাৰ বাবে তেখেতক বিদায় সম্ভাষন জনোৱাৰ উদ্দেশ্যৰে ৪ অক্টোবৰত এখনি সভা অনুষ্ঠিত হয় ৷ বিগত ৩০ চেপ্তেম্বৰ, ২০২৫ তাৰিখলৈকে বিষয়া গৰাকীয়ে ৩৮ বছৰ অধিক কাল সেৱা আগবঢ়াই অৱসৰ লৈছিল আৰু সেই দিনটো পূজাৰ বন্ধৰ ভিতৰত হোৱাৰ পৰিপেক্ষিতত ৪ অক্টোবৰ তাৰিখে জিলা আয়ুক্ত কাৰ্য্যলয় সভাকক্ষত এখনি সভা অনুষ্ঠিত হয় ৷ সভাখনত সভাপতিত্ব কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৷ জিলা প্ৰশাসনিক পৰ্যবেক্ষক সহায়ক তথা সদৌ অসম জিলা প্ৰশাসনীয় কৰ্মচাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক বিপুল চন্দ্ৰ বৰাই আতঁ ধৰা অনুষ্ঠানটিত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, জিলা অতিৰিক্ত আয়ুক্তসকল ক্ৰমে মনোৰমা মৰাং, পংকজ নাগবংশী, দেৱাহুতি বৰা, সহকাৰী আয়ুক্তসকল ক্ৰমে তেজস্ব অগ্নিহোত্ৰী, ভাস্কৰ চৌধুৰী, শিল্পী ৰেখা পন্ডিত, অৰুনাভ চৌধুৰী, ৰাজহ চিৰস্তাদাৰ জয়ন্ত শৰ্মা, যোগান বিভাগৰ পৰিদৰ্শক দুৰ্গা বড়ো, জিলা প্ৰশাসনীয় কৰ্মচাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি সীমান্ত হাজৰিকাকে প্ৰমুখ্যে কৰি অন্যান্য বিষয়া কৰ্মচাৰী সকল আৰু জিলা প্ৰশাসনীয় কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া সকল উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷

১৯৮৬ চনৰ ৭ নৱেম্বৰত চাকৰি জীৱন আৰম্ভ কৰি প্ৰায় ৩৮ বছৰৰো অধিক কাল জিলা আয়ুক্ত কাৰ্যালয়ত সেৱা আগবঢ়াই শেষত প্ৰশাসনিক বিষয়া হিচাপে পদোন্নতি পাই দুবছৰকাল উক্ত পদত থাকি বৰুৱাই সুদীৰ্ঘকাল সুদক্ষতাৰে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে ৷ শতাধিক বিষয়া কৰ্মচাৰী উপস্থিত থকা অনুষ্ঠানটিত বৰুৱাই কেইবাগৰাকী সংগী সতীৰ্থৰ লগত গীত পৰিবেশন কৰি অনুষ্ঠানটি মনোগ্ৰাহী কৰি তুলে ৷ উল্লেখনীয় যে এই বছৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসুচীত জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মচাৰীৰ মাজৰ পৰা পদোন্নতি পাই প্ৰশাসনিক বিষয়া হোৱা বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি নগাঁও জিলাত প্ৰথম বাৰৰ বাবে এক নজিৰ ৰাখে ৷সভাত অৱসৰী প্ৰশাসনিক বিষয়া গায়ত্ৰী বৰুৱাই কৰ্ম জীৱনৰ আজিৰ এই বিদায় ক্ষণত সকলোৰে প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।