কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ

ডিজিটেল সেৱা: বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চিহ্নিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চল অসমৰ গৌৰৱৰ প্ৰতীক । একশিঙীয়া গঁড়ৰ বিচৰণ ভূমি ৰূপে বিশ্বব্যাপী খ্যাত এই ৰাষ্ট্ৰীয় উদ্যানখন একেই সময়তে অসমৰ জৈৱবৈচিত্ৰ্য আৰু প্ৰাকৃতিক সম্পদৰ এক অনন্য স্থলী হিচাপে প্ৰতিষ্ঠিত ।

মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ তীৰত অৱস্থিত এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় , হাতী, বাঘ, বনৰীয়া ম’হ, হৰিণ, আৰু শতাধিক প্ৰজাতিৰ পক্ষী আৰু সৰীসৃপৰো বসতিস্থল। প্ৰকৃতিৰ অপৰূপ মাধুৰী, বনৰ প্ৰাকৃতিক গাঁথনি আৰু নিৰ্মল পৰিবেশেৰে সজোৱা এই উদ্যানখনত বছৰৰ বেছিভাগ সময়তে দেশ-বিদেশৰ পৰ্যটকেৰে মুখৰ হৈ থাকে আৰু ইয়াৰ সমান্তৰালকৈ এইবেলি উদ্যানখনত গৌৰৱময় উপস্থিতিৰে ধন্য কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড৹ মোহন যাদবে।

দেওবাৰে পুৱাই মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড৹ মোহন যাদবে ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ বাগৰি ৰেঞ্জ (সীমিত এলাকা)ত উপস্থিত হোৱাৰ লগে লগেই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁও জিলাৰ লগতে কাজিৰঙা বনাঞ্চলখনলৈ উষ্ণ আদৰণি জনায়। অসমবাসীৰ বাবে কাজিৰঙা কেৱল এক বনাঞ্চল নহয়—ই অসমৰ সংস্কৃতি, পৰিচয় আৰু প্ৰকৃতিৰ সৈতে জড়িত এক জীৱন্ত প্ৰতীক। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ আগমনে পুনৰবাৰ কাজিৰঙাৰ গৌৰৱক উদ্ভাসিত কৰিছে।

Related Articles