ডিজিটেল সেৱা: অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ চতুর্থখন বৰ্দ্ধিত কাৰ্য্যনিবাহক সভা ৫ অক্টোবৰ, দেওবাৰে দিনৰ ১১ বজাত পূব- নলবাৰী সাংস্কৃতিক পৰিষদ চৌহদ, ঘগ্ৰাপাৰত অনুষ্ঠিত হৈ যায় | ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি আতিকুৰ ৰহমানে সভাপতিত্ব কৰা বর্দ্ধিত কার্য্যনির্বাহক সভাখনত সাংগঠনিক দিশটোক কেনেকৈ শক্তিশালী কৰিব পাৰি সেয়া আলোচনা কৰা হয়। সভাত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্ত্তন আৰু দ্ধি – নাগৰিকত্বৰ ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰি সভাপতিগৰাকীয়ে কয় যে, ‘ৰাজনৈতিক প্রলোভন নেওঁচি আঞ্চলিকতাবাদ শক্তিশালী কৰিব লাগিব । তেতিয়াহে জাতিৰ স্বাভিমান বিশ্বত জিলিকি থাকিব’ ।অসমৰ পৰা গৈ মেঘালয় বা অৰুণাচল প্ৰদেশত প্ৰৱেশৰ সময়ত সম্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা হয় |সভাত সৰ্বসন্মতি মর্মে আবু বক্কৰ আব্দুলাক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে লৈ স্থায়ী সমিতিখনক এটি কাৰ্য্যালয় গৃহ নিৰ্মাণৰ দায়িত্ব দিয়া হয়।
লগতে আগন্তক দিনত দিনজোৰা কাৰ্য্যসূচীৰে এখন সাংগঠনিক কর্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয় |বৃহত্তৰ ঘগ্ৰাপাৰ আঞ্চলিকৰ অন্তর্গত শাখা সমিতিসমুহ গঠন কৰি সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ সভাখনত উপস্থিত থকা সতীর্থসকলে নিজৰ নিজৰ অভিজ্ঞতাপুষ্ট কথাৰে বক্তব্য প্ৰদান কৰে | সভাত উপস্থিত থাকে ক্ৰমে নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক ইন্টাজ হুছেইন, আঞ্চলিকৰ প্ৰাক্তন সভাপতি চৰিফুল আলী, জিলা সমিতিৰ প্ৰচাৰ সম্পাদক আনোৱাৰ হুছেইন, আঞ্চলিকৰ প্রাক্তন সভাপতি চফিকুৰ ৰহমান, আঞ্চলিকৰ উপ-সভাপতি নৱজ্যোতি কলিতা, সাংস্কৃতিক সম্পাদক পৰশমণি তালুকদাৰৰ লগতে আঞ্চলিক সমিতিৰসমূহ বিষয়ববীয়া আৰু কাৰ্য্যনির্বাহক সদস্যসকল |এক বিবৃত্তিযোগে অসম জাতীয়তাবাদী যুৱ- ছাত্র পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি আতিকুৰ ৰহমানে এই কথা জানিবলৈ দিয়ে।
জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ ঘগ্ৰাপাৰ আঞ্চলিকৰ বৰ্দ্ধিত কাৰ্য্যনিবাহক সভা