বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা: ৬ আৰু ১১ নৱেম্বৰত ভোটগ্ৰহণ

ডিজিটেল সেৱা,নতুন দিল্লী:বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে। ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ আৰু ১৪ নৱেম্বৰত হ’ব ভোটগণনা । সোমবাৰে বিয়লি দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত সংবাদমেলত ঘোষণা কৰে এই কথা । সংবাদমেলত উপস্থিত থাকে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীয়ে।২৪৩ জনীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি ১০ অক্টোবৰ আৰু ১৩ অক্টোবৰ,মনোনয়নৰ শেষ তাৰিখ ১৭ অক্টোবৰ আৰু ২০ অক্টোবৰ,মনোনয়ন পৰীক্ষণ ১৮ অক্টোবৰ আৰু ২১ অক্টোবৰ,প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ ২০ অক্টোবৰ আৰু ২৩ অক্টোবৰ, ভোটগ্ৰহণ ৬ নৱেম্বৰ আৰু ১১ নৱেম্বৰ,ফলাফল ১৪ নৱেম্বৰ।

নিৰ্বাচন আযোগে লগতে সাতখন ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলৰ আঠটা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিনো ঘোষণা কৰে । মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, “আমি আমাৰ ভ্ৰমণৰ সময়ত ৰাজনৈতিক দল, আৰক্ষী আৰু প্ৰশাসনৰ প্ৰতিনিধিক সাক্ষাৎ কৰিছিলো । বিহাৰৰ নিৰ্বাচন শান্তিপূৰ্ণ আৰু স্বচ্ছ হ’ব ।”বিহাৰত মুঠ ভোটাৰৰ সংখ্যা ৭.৪৩ কোটি।

Related Articles