ডিজিটেল সেৱা, নগাঁও: নগাঁৱৰ অন্যতম সামাজিক তথা অৰাজনৈতিক অনুষ্ঠান ক্ৰমে “সচেতন নাগৰিক সমাজ” নগাঁও, চি চি এম অ’, নগাঁও আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ নেতৃত্বত সোমবাৰে এটি সজাতি দলে গণ শিল্পী জুবিন গাৰ্গ দেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে উপস্থিত হয়হি গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসগৃহত।

সজাতি দলটোৱে প্ৰয়াত শিল্পী গৰাকীৰ সহধৰ্মিনী গৰিমা গাৰ্গৰ লগতে পৰিয়ালবৰ্গক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লোৱাৰ লগতে পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। প্ৰথমে সচেতন নাগৰিক সমাজৰ হৈ সভাপতি নুৰুল আমিন আৰু সম্পাদক ইমামুল হক আনচাৰী, চি চি এম অ’ৰ হৈ সম্পাদক হুমায়ুন কৰিব আৰু নাজিম আহমেদে লগতে গ্ৰাম বিকাশ পৰিষদৰ হৈ ছিৰাজ উদ্দিন আহমেদ, জ্যোতিপ্ৰসাদ ৰাজখোৱা আৰু মাধুৰ্য বৰাই জুবিন গাৰ্গ দেৱৰ সহধৰ্মিনী গৰিমা গাৰ্গৰ হাতত পৃথকে পৃথকে এক শ্ৰদ্ধাঞ্জলি পত্ৰ অৰ্পণ কৰে।

সন্ধ্যা উভতনি যাত্ৰা পথত থকা জুবিন গাৰ্গ দেৱৰ সোনাপুৰস্থ সমাধিক্ষেত্ৰত উপস্থিত হৈ মৰমৰ শিল্পী গৰাকীৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় । সজাতি দলটোত অধিবক্তা তজম্মল হুছেইন, জহিৰুল ইছলাম, সাংবাদিক ৱাহিদুদ জামান, ব্যৱসায়ী নাছিৰ আহমেদ, বিশিষ্ট সমাজসেৱিকা ক্ৰমে শ্বৰিন বেগম, জেফৰিনা জাৰ্ফিন আহমেদ আদি ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।