নগাঁও জিলাৰ ভোটগ্ৰহন কেন্দ্ৰ সমূহত অৰুণোদয় শুভাৰম্ভণি অনুষ্ঠান

ডিজিটেল সেৱা, নগাঁও:সমগ্র ৰাজ্যৰ লগতে নগাঁও জিলাৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয় । অৰুণোদয় ৩.০ কেৱল এখন আঁচনি নহয়, ই অধিক সমতাপূৰ্ণ, সৰ্বাংগীন আৰু সৱল অসম গঢ়াৰ দিশত এক পৰিয়াল সৱলীকৰণ আন্দোলন । অসমৰ ইতিহাসত অৰুণোদয় ৩.০ আঁচনি হৈছে, মহিলা সৱলীকৰণৰ এক সোণোৱালী অধ্যায় ।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু ৰাজ্য চৰকাৰৰ কল্যাণমুখী দৃষ্টিভংগীৰ ফলস্বৰূপে গ্ৰহণ কৰা এই ঐতিহাসিক আঁচনিৰ লক্ষ্য হৈছে ৰাজ্যৰ অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়াল সমূহক আর্থিকভাৱে অধিক সৱল, সক্ষম আৰু স্বনির্ভৰ কৰি তোলা । এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় ৩৮ লাখ পৰিয়াল উপকৃত হব । প্ৰতিমাহে এই পৰিয়াল সমূহক ১,২৫০ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে ।

নগাঁও জিলাত এই আঁচনি দ্বাৰা ১,৯১,৪৫১ টা পৰিয়াল লাভাম্বিত হৈছে ।জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মঙ্গলবাৰে নগাঁও -বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত শেনচোৱা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভনি অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্তই সদ্য প্ৰয়াত সমগ্র দেশৰ মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শেনচোৱা অমৰ বৰকাকতি হাইস্কুল (পশ্চিম),ভোট কেন্দ্ৰ নং- ৩৬ ৰ ভোটাধিকাৰীসকলে অংশগ্ৰহণ কৰা এই শুভাৰম্ভনি অনুষ্ঠানত শেনচোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা ৰাজখোৱা, খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৃষ্ণ কান্ত শইকীয়াকে প্ৰমুখ্য কৰি অৰুণোদয় ৩.০ ৰ দ্বাৰা উপকৃত হিতাধিকাৰী সকলৰ লগতে বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ।

উল্লেখযোগ্য যে, জিলাখনৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ, খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় লগতে উক্ত স্থান সমূহত সমবেত হিতাধিকাৰী আৰু উপস্থিত ৰাইজক জিলা প্ৰশাসনৰ তৰফৰ পৰা লঘু আহাৰৰ বিতৰণ কৰা হয় ।

Related Articles