ডিজিটেল সেৱা,নগাঁও: নাগৰিক সভাৰ নেতৃত্বত নগাঁও বিশ্ববিদ্যালয়ৰ সমীপৰ জুবিন গাৰ্গ টাৱাৰৰ কাষৰ মতিৰাম বৰা আৱক্ষ মূৰ্তি ক্ষেত্ৰত অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই এম, যুৱ কংগ্ৰেছ, এন এচ ইউ আইকে আদি কৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষৰ উপস্থিতিত মঙ্গলবাৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাই আঁত ধৰা অনুষ্ঠানটো সুগায়ক পাৰ্থ শইকীয়াই জুবিন গাৰ্গৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতেৰে আৰম্ভ কৰে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ লাগে, জুবিন গাৰ্গৰ হত্যাকাৰী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচীকাঠত ওলমাওক ইত্যাদি শ্লোগানেৰে মুখৰিত কৰা অনুষ্ঠানটোৰ আঁত ধৰে নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাই তদন্ত নিৰপেক্ষ আৰু ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহবিভাগৰ দ্বায়িত্বৰ পৰা পদত্যাগ কৰাৰ দাবী তোলে, তেওঁ কয় ” যিহেতু জুবিন গাৰ্গ হত্যাকাণ্ডৰে অভিযুক্ত শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভুঞা শৰ্মাৰ নাম সাঙোৰ খাই পৰিছে আৰু জনৈক ৰুদ্ৰাংকুৰ হাজৰিকা নামৰ এজন ভাস্কৰ্য শিল্পীয়ে ৰিণিকি ভুঞা শৰ্মাৰ বিৰুদ্ধেও গোচৰ তৰিছে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হৈ থাকিলে তদন্ত সঠিকভাৱে আগবাঢ়াৰ আশা কৰিব নোৱাৰি,” তেওঁ লগতে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰো দাবী তোলে।

ধৰ্মঘট কাৰ্যসূচীত উপস্থিত জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ভৱেন দাসে চি চি আই তদন্তৰ দাবী তোলাৰ লগতে জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ বিৰুদ্ধে কৰা মুখ্যমন্ত্ৰীৰ তুলুঙা মন্তব্যৰো সমালোচনা কৰে। নগাঁও নাগৰিক সভাৰ সভাপতি তথা চি পি আই এম দলৰ সম্পাদক অমৰেন্দ্ৰ শৰ্মাই আদানী আম্বানীক এফালৰ পৰা মাটি ভেটি গটোৱা চৰকাৰ খনে জুবিন গাৰ্গৰ গানহে নালাগে অসমীয়া সমাজ সংস্কৃতিৰ লগত সামান্যতম সম্পৰ্ক নথকা আদানীক মাতি আনি একপ্ৰকাৰ সাম্যবাদী ভাবধাৰাত দিক্ষিত আৰু নিজকে চছিয়েলিষ্ট বুলি চিনাকি দিয়া জুবিন গাৰ্গক চৰম অপমান কৰা বুলি ব্যক্ত কৰে। অনুষ্ঠানত উপস্থিত এন এছ ইউ আইৰ কৰ্মকৰ্তা আবু হানিফা, বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত টুবুকী যুৱক সংঘৰ সভাপতি ছাদ্দাম হুছেইন, অধিবক্তা ইমদাদ হুছেইনকে আদি কৰি বহু কেইজন বক্তাই বক্তব্যৰে চৰকাৰী ষড়যন্ত্ৰ আৰু হাৰ্ট থ্ৰ’ব, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ নামত বিজেপি চৰকাৰৰ ভেকোঁভাওনা আৰু নিকৃষ্ট ৰাজনীতিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।