ডিজিটেল সেৱা: অহা ৩১ অক্টোবৰত মুক্তি লাভ কৰিব অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অভিনীত তথা প্ৰযোজিত শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ ।মঙলবাৰে মহানগৰীৰ ৰ’য়েল গ্ল’বেল ইউনিভাৰ্চিটিত সম্পন্ন হয় ‘ৰৈ ৰৈ বিনালে’ৰ শেষ শ্বুটিং ।জুবিন গাৰ্গে প্ৰতিদিনে এই চিনেমাখনৰ বিষয়ে কৈ আছিল । চিত্ৰনাট্য ৰাহুল গৌতমে লিখিছে। ছবিখনৰ সকলোখিনি কাম জুবিনৰ মতেই হৈছে । সংগীতৰ কাম হৈ গৈছে । আজি বা কালিৰ ভিতৰত আমি প্ৰথম গানটো মুক্তি দিম ।”এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়,”ছবিখনক লৈ তেওঁৰ বহুত আশা আছিল । বহুত হেঁপাহেৰেও তেওঁ কামবোৰ কৰিছিল । এই ছবিখনত তেওঁক পূৰ্বতকৈ বেলেগ ধৰণে দেখিবলৈ পোৱা যাব । সাধাৰণ শিল্পীৰ জীৱনক এই ছবিখনত তেওঁ দেখুৱাব বিচাৰিছে । এজন অন্ধ শিল্পীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে । খুব আশাৰ এখন ছবি । তেওঁৰ সেই মৰমৰ ছবিখন আমি খুব মৰমেৰে ধৰি ৰাখিবলৈ, ৰাইজৰ আগলৈ আগুৱাই দিবলৈ চেষ্টা কৰিছোঁ ।”তেওঁ কয়, “সোনকালে কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ৩১ তাৰিখতো তেওঁ পৰিকল্পনা কৰিছিল । আমি সেইদিনটোতে ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ চেষ্টা কৰিম । জুবিন গাৰ্গে প্ৰতিদিনে এই চিনেমাখনৰ বিষয়ে কৈ আছিল ।লগতে গৰিমাই কয়,”কামৰ মাজত সোমাই থাকিলে এতিয়াও অনুভৱ নহয় যে তেওঁ নাই । কামবোৰ তেওঁৰ বাবেই হৈ আছে । হঠাৎ কোনোবা এটা সময়ত অনুভৱ হয় আমাক উপদেশ দিবলৈ তেওঁ নাই । এতিয়া মই এটাই বস্তু বিচাৰি আছোঁ যে সেই ঘটনাটো কিয় সংঘটিত হ’ল । তেওঁ কিয় আমাৰ মাজৰ পৰা হঠাৎ আঁতৰি গ’ল সেইটো জানিব বিচাৰিছোঁ । সেইটোক লৈয়েই মই ভিতৰৰ পৰা জ্বলি পুৰি আছোঁ । সত্য ঘটনাটো জানিব লাগে । মোৰ মাজত ধেৰ প্ৰশ্ন আছে । এতিয়া মোক সত্যটো লাগে ।” লগতে ছিংগাপুৰৰ য়টত উপস্থিত থকাসকলে, প্ৰবাসী অসমীয়াসকলে সকলো সঁচা কথা কৈ নিদিয়ে কিয় বুলিও প্ৰশ্ন গৰিমা গাৰ্গৰ ।
৩১ অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গ অভিনীত শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’