ৰাজ্যৰ ৩৮ লাখ মহিলাক সামৰি মুকলি হ’ল অৰুণোদয় আঁচনিৰ

ডিজিটেল সেৱা, গুৱাহাটী:গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মঙলবাৰে কেন্দ্ৰীয়ভাৱে মুকলি কৰে অৰুণোদয় আঁচনি ৷ৰাজ্যৰ ৩০ খন জিলাত ২৫০০০ ঠাইত একেলগে এই উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হয় ।এই আঁচনিৰ অধীনত প্রতিমাহে নিৰ্ধাৰিত সময়ত ১২৫০ টকাকৈ লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৷ ইয়াৰ বাবে প্রতিমাহে ৰাজ্য চৰকাৰৰ ব্যয় হ’ব ৪১০+ কোটি টকা ৷ অৱশ্যে সম্প্রতি এই আঁচনিয়ে বি টি চিৰ হিতাধিকাৰীক সামৰি নলয় যদিও খানাপাৰাৰ জনসভাত হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা —“বি টি চিৰ ৬ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন, ইয়াৰ বাবে প্রয়োজন হ’ব আৰু এমাহৰ ৷

মুখ্যমন্ত্ৰীয়ে ভাষণত কয়- “মোক সমালোচনা কৰক, কিন্তু মা সকলৰ বাবে থকা অৰুণোদয় আঁচনিক লৈ বিৰোধিতা নকৰিব” – অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সকীয়নিৰে ৰাজ্যৰ ৩৮ লাখ+ মহিলাক সামৰি মুকলি হ’ল অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ ৷“চাইকেল কোনে দিয়ে ? ছোৱালীক কোনে পঢ়ায়, অৰুণোদয় কোনে দিয়ে ? সকলো মামাই দিয়ে ৷ চাউল দিয়ে ডাঙৰ মামা মোদীয়ে ৷

অহাবাৰ মিঠাতেল দিম” -এই মন্তব্যৰে জনসভাত মহিলা হিতাধিকাৰীসকলক উদ্দেশ্যি মুখ্যমন্ত্রীৰ ঘোষণা যে অহাবাৰ নিৰ্বাচনত জিকিলে হিতাধিকাৰীসকলক মিঠাতেল দিয়াৰ ব্যৱস্থা কৰিব বিজেপি চৰকাৰে ।কেৱল মিঠাতেলেই নহয়, দাইল, চেনী, ৰন্ধন গেছৰ বাবেও চৰকাৰে আগবঢ়াব বিশেষ সহায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয়, “১ নৱেম্বৰৰ পৰা ৰেচনৰ জৰিয়তে উপলব্ধ হ’ব দাইল, নিমখ আৰু চেনী । ৰন্ধন গেছৰ বাবে ২৫০ টকাকৈ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৰাজসাহায্য । নিৰ্বাচনত ভোট দি জয়ী কৰালে সুলভ মূল্যত উপলব্ধ হ’ব মিঠাতেল ৷

”অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলক মাতৃৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ কংগ্ৰেছক সকীয়নি, “মাক সহায় কৰাটো কেতিয়াও অপৰাধ বা দোষ হ’ব নোৱাৰে ৷ মাক আমি যিমানেই পূজা নকৰো, যিমানে সন্মান নকৰো ধাৰ পূৰাব নোৱাৰো ৷ মাৰ ওচৰত আমি সদায় ঋণী । সেয়ে কংগ্ৰেছক কওঁ আপোনালোকক কওঁ মোৰ সমালোচনা কৰক, কিন্তু মা সকলৰ বিৰুদ্ধে একো নক’ব ৷”কংগ্ৰেছে অৰুণোদয়ক যিমানেই সমালোচনা কৰিব, সিমানেই মই বেছি মাক অৰুণোদয় দি গৈ থাকিম । ৪০ লাখ মাতৃৰ আশীৰ্বাদ থকা আমাৰ চৰকাৰৰ নোম এডালো লৰাব নোৱাৰে কংগ্ৰেছে ।

”অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আহ্বান যে অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ আপডেট থাকিব লাগিব বেংক একাউণ্টৰ KYC ৷ লগতে, পঞ্জীয়ন হৈ থকা ম’বাইল নম্বৰ কাৰ্যক্ষম হৈ থাকিব লাগিব ৷ সেয়ে এই কাম দুটা সকলোকে কৰি ৰাখিবলৈ অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে । নহ’লে চৰকাৰে ধন দিলেও কিন্তু হিতাধিকাৰীৰ একাউণ্টত ধন নোসোমাব । মাজতে ওলমি ৰ’ব ধন ।

Related Articles