ডিজিটেল সেৱা, তিনিচুকীয়া: তিনিচুকীয়াৰ ৰাজপথ কঁপালে তিনিচুকীয়া জিলাৰ ১২৫ খন চাহ বাগিচাৰ হাজাৰ হাজাৰ চাহ জনগোষ্ঠী তথা আদিবাসী লোকে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, অসম জাতীয় মহাসভাকে ধৰি চাহ জনগোষ্ঠী আৰু আদিবাসীৰ দল-সংগঠনৰ উদ্যোগত জনজাতিকৰণ প্ৰদান কৰা, ভূমিপট্টা প্ৰদান কৰা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি দাবীৰে তিনিচুকীয়া চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ।প্ৰথমটো সমদল বৰগুৰিস্থিত চৰকাৰী ঔদ্যোগিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা আহে । দ্বিতীয়টো সমদল ৰংপুৰীয়াৰ পৰা আৰু তৃতীয়টো সমদল মাকুম দিশৰ পৰা থানা চাৰিআলিলৈকে আহে । তাৰ সমান্তৰালভাৱে চাবুৱা দিশৰ পৰাও দুচকীয়া-চাৰিচকীয়া বাহনত আহে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ।তিনিচুকীয়া চহৰৰ কেন্দ্ৰবিন্দু থানা চাৰিআলিলৈ তিনিটা দিশৰ পৰা অহা প্ৰতিবাদী সমদলে পৰিৱেশ উত্তাল কৰি তোলে ।প্ৰতিবাদী সমদলৰ সময়ত প্ৰতিবাদকাৰীসকলে ‘বিজেপি হায় হায়’, ‘আমাক জনজাতিকৰণ প্ৰদান কৰক’, ‘আমাক ভূমিপট্টা প্ৰদান কৰক’, ‘চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰক’, ‘নৰেন্দ্ৰ মোদী মিছলীয়া’, ‘সঞ্জয় কিষাণ হায় হায়’, ‘ৰূপেশ গোৱালাৰ কাম নাই’, ‘আটছা জিন্দাবাদ’, ‘আছা জিন্দাবাদ’, ‘চাহ জনগোষ্ঠী আদিবাসী জিন্দাবাদ’, ‘চাহ শ্ৰমিক জিন্দাবাদ’, ‘চাহ মজদুৰ সংঘ জিন্দাবাদ’ আদি শ্ল’গানেৰে কঁপাই তোলে তিনিচুকীয়াৰ আকাশ বতাহ । অগপ, কংগ্ৰেছ, বিজেপি কোনো এটা দলৰ চৰকাৰে আমাক গুৰুত্ব দিয়া নাই । এতিয়া আমি একত্ৰিত হৈছোঁ, আমাক আমাৰ ন্যায্য প্ৰাপ্য লাগিবই । অন্যথা আমি ক্ষান্ত নহওঁ । আমি যদি ভোট দি বিজেপিক শাসনলৈ আনিছোঁ তেন্তে ওফৰাই পেলাবলৈও পাৰিম ৷
হাজাৰ হাজাৰ চাহ জনগোষ্ঠী লোকৰ প্ৰতিবাদত কঁপিল তিনিচুকীয়া