ডিজিটেল সেৱা, নগাঁও: নগাঁও প্ৰিন্ট মিডিয়া এচচিয়েছনৰ উদ্যোগত অহা ১৩ অক্টোবৰত ৰূপহীহাটৰ ‘অসমীয়া প্ৰতিদিন’ৰ জ্যেষ্ঠ সাংবাদিক খৰ্গেশ্বৰ বৰুৱাক প্ৰয়াত জ্যেষ্ঠ সাংবাদিক শিৱ প্ৰসাদ বৰা সোঁৱৰণী সাংবাদিক বঁটা প্ৰদান কৰা হ’ব। তদুপলক্ষে নগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব।অনুষ্ঠানটো উদ্বোধন কৰিব নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। তদুপৰি একেটা অনুষ্ঠানতে প্ৰয়াত জ্যেষ্ঠ সাংবাদিকদ্বয় প্ৰণৱ বৰা আৰু বলেন বৰা স্মাৰক বক্তৃতা অনুষ্ঠানৰ অনুষ্ঠিত হ’ব। অনুষ্ঠানত ‘প্ৰযুক্তিৰ উত্তৰণত ছপা মাধ্যমৰ সম্ভাৱনা আৰু সংশয়’ শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই। অনুষ্ঠানটোত সভাপতিত্ব কৰিব নগাঁও প্ৰিন্ট মিডিয়া এচচিয়েছনৰ সভাপতি কনক হাজৰিকাই। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোৰ আন এক কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকী, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জীতেন বৰকটকী আৰু জ্যেষ্ঠ সাংবাদিক নৱ কুমাৰ মহন্তই। অনুষ্ঠানটোত সকলোৰে সহযোগিতা কামনা কৰিছে নগাঁও প্ৰিন্ট মিডিয়া এচচিয়েছনে। উল্লেখ যে এই অনুষ্ঠান ২০ ছেপ্টেম্বৰত হোৱাৰ কথা আছিল যদিও জনদৰদী শিল্পী জুবিন গাৰ্গৰ ১৯ ছেপ্টেম্বৰত মৃত্যু হোৱাত তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি স্থগিত ৰখা হৈছিল। এতিয়া এই অনুষ্ঠান ১৩ অক্টোবৰত অনুষ্ঠিত হব।
খৰ্গেশ্বৰ বৰুৱালৈ শিৱ প্ৰসাদ বৰা সোঁৱৰণী সাংবাদিক বঁটা