উৎকোচ লৈ থকা অৱস্থাত স্বাস্থ্য বিভাগৰ বিষয়া শ্ৰৱণ কুমাৰ বৰাক গ্ৰেপ্তাৰ

ডিজিটেল সেৱা,নগাঁও : ৰাজ্যখনত ইটোৰ পিছত সিটো ঘোচখোৰ বিষয়া মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষীৰ জালত পৰিছে। ভুক্তভোগী ৰাইজৰ অভিযোগ পোৱাৰ পিছতেই চি এম ভিজিলেঞ্চে অভিযান অব্যাহত ৰাখিছে। বৃস্পতিবাৰে নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী দূৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই এগৰাকী স্বাস্থ্য বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, জিলা স্বাস্থ্য বিভাগ(আয়ুস)ৰ জিলা প্ৰকল্প বিষয়া চমুকৈ ডি পি এম
শ্ৰৱন কুমাৰ বৰাক গ্ৰেপ্তাৰক উৎকোচ লাগে থকা অবস্থাত হাতে লুটে ভিজিলেঞ্চৰ দলটোৱে গ্ৰেপ্তাৰ কৰে। ধৃত বিষয়া গৰাকীয়ে আয়ুস বিভাগৰ অধীনস্থ কাম কৰা চিকিৎসকৰ অতিৰিক্ত ভাট্টা লাভৰ ক্ষেত্ৰত প্ৰতিবছৰে প্ৰয়োজন হোৱা পি বি আই(performance based insensitive)ৰ প্ৰতিবেদন প্ৰস্তুতৰ নামত একাংশ চিকিৎসকৰ পৰা ১০ ৰ পৰা ২০ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈ আছিল ধৃত শ্ৰৱন কুমাৰ বৰাৰ বিৰুদ্ধে। জিলাখনৰ কঠিয়াতলী ব্লকৰ অন্তৰ্গত ছোট-কন্দলিৰ উপ স্বাস্থ্য কেন্দ্ৰৰ আয়ুস বিভাগৰ চিকিৎসক ডা: অভিজ্ঞান গোস্বামীৰ অভিযোগৰ ভিত্তিত চি এম ভিজিলেন্সৰ দলটোৱে গ্ৰেপ্তাৰ কৰে শ্ৰৱন কুমাৰ বৰাক।উল্লেখ্য যে ডা:গোস্বামীৰ পৰা পি বি আইৰ প্ৰতিবেদন প্ৰস্তুতৰ নামত বিগত কেবাদিন ধৰি মবাইল ৱাৰ্ডছেপ যোগে নিৰ্দিষ্ট পৰিমাণৰ ধন দাবী কৰি ব্যতিব্যস্ত কৰি অহাৰ অভিযোগ কৰিছে ভুক্তভোগী চিকিৎসক গৰাকীয়ে। ধৃত বিষয়া গৰাকীক ভিজিলেঞ্চৰ দলটোৱে ইতিমধ্যে তেওঁলোকৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।

Related Articles