বিজেপিৰ চাৰিবাৰৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ পদত্যাগ

ডিজিটেল সেৱা,গুৱাহাটী: ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে বৃস্পতিবাৰে আকস্মিক ভাবে বিজেপি দলৰ পৰা পদত্যাগ কৰাত ৰাজ্যৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি হৈছে। অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা নগাঁও সংসদীয় সমষ্টিৰ চাৰিবাৰৰ সাংসদ ৰাজেন গোহাঁইয়ে আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিক ভাবে পদত্যাগ কৰে।বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ৰাজেন গোহাঁইয়ে উল্লেখ কৰিছে যে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁ দলৰ সকলো দায়িত্ব আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে।অৱশ্যে তেও পদত্যাগ কৰা সন্দৰ্ভত কোনো কাৰণ উল্লেখ কৰা নাই।

ৰাজেন গোহাঁইৰ পদত্যাগে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।দীৰ্ঘদিন ধৰি বিজেপি আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি অহা ৰাজেন গোহাঁইৰ পদত্যাগে বিশেষ তাৎপৰ্য বহন কৰিছে।বিজেপিক অসমত শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাজেন গোহাঁইৰ পদত্যাগ বিজেপিৰ বাবে এক মোক্ষম আঘাট হিচাবে বিবেচিত হৈছে।এই সন্দৰ্ভত নগাঁও জিলা বিজেপিৰ নেতৃত্বৰ লগত যোগাযোগ কৰিব বিচৰা হৈছিল যদিও তেওঁলোক জিলাখনৰ বাহিৰত থকাৰ বাবে এই বিষয়ে একো জানিব পৰা নগল। ৰাজেন গোহাঁইয়ে পদত্যাগৰ কাৰণ উল্লেখ নকৰিলেও ৰাজনৈতিক মহলত চলা চৰ্চা আনুসৰি তেওঁ অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা আছে।

Related Articles