ডিজিটেল সেৱা,নগাঁও: নগাঁও সদৰ থানাৰ এলেকাধীন মৰঙিয়ালত বৃস্পতিবাৰে বিয়লি নগাঁও সদৰ আৰু মৰিকলং থানাৰ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিছাযুক্ত টেবলেট আৰু কফ ছিৰাফ জব্দ কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত আৰক্ষীয়ে ড্ৰাগছ সহ ৰিয়াজুল মালিক নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক গ্ৰেপ্তাৰ কৰে। যুৱক জনৰ পৰা AS 02 AP3439 নম্বৰৰ এখন এনটক স্কুটাৰ জব্দ কৰিবলৈ সক্ষম হয়। ধৃত যুৱক জনে নিছাযুক্ত সামগী খিনি বিক্ৰীৰ পৰিকল্পনা কৰোতেই এক গোপন খবৰ ভিত্তিত আৰক্ষীয়ে যুৱক জনক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
নগাঁও জিলাৰ মৰঙিয়ালত বুজন পৰিমাণৰ নিছাজাতীয় সামগ্ৰী জব্দ