ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অংশ পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই

ডিজিটেল সেৱা,ডিব্ৰুগড়: ডিব্ৰুগড় নগৰৰ মাজমজিয়াত থকা জগাৰ্ছ পাৰ্কৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া পৰিদৰ্শন কৰি বিভাগীয়ভাৱে চলাই থকা জৰুৰীকালীন কামসমূহৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰীকাই। তিনি দিন পূৰ্বে ডিব্ৰুগড় চহৰৰ এই অংশত ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰে আৰু পূৰ্বে কেতিয়াও খহনীয়া নোহোৱা এই অংশত থকা এখন ৰিটেইনিং ৱাল খহি যায়। জলসম্পদ বিভাগে জৰুৰীকালীনভাৱে এই অংশত প্ৰতিৰোধী কাম অব্যাহত ৰাখিছে।

বৃস্পতিবাৰে বিধায়ক প্ৰশান্ত ফুকনৰ সৈতে এই স্থান পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে সমস্যাৰ বুজ লয় । এই অংশটো সম্পূৰ্ণ বিপদমুক্ত কৰিবলৈ জলসম্পদ বিভাগে সক্ৰিয়তাৰে কাম কৰি আছে বুলি উপস্থিত সাংবাদিকসকলৰ আগত মন্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

বিগত দুবছৰত প্ৰায় ৩৭৫ কোটি টকা ডিব্ৰুগড় চহৰখনৰ সুৰক্ষাৰ বাবে দিয়া হৈছে বুলি মন্তব্য কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে আৰু কয়, “ব্ৰহ্মপুত্ৰ এখন যথেষ্ট খৰস্ৰোতা নদী আৰু ইয়াক ১০০ শতাংশ নিয়ন্ত্ৰণ কৰাটো অলপ জটিল যদিও আমি যিমান পাৰোঁ শক্তিশালীভাৱে কামসমূহ সম্পাদন কৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু আমি এইক্ষেত্ৰত যথেষ্ট সফলো হৈছোঁ।”

সাংবাদিকসকলৰ আগত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিভাগৰ হাতত ডিব্ৰুগড়ত প্ৰতিৰোধী কাম কৰিব পৰাকৈ পৰ্যাপ্ত সামগ্ৰী মজুত আছে। ডিব্ৰুগড়ৰ প্ৰায় সকলো স্থানতে ব্ৰহ্মপুত্ৰৰ পাৰত বান-খহনীয়া প্ৰতিৰোধী কাম চলি আছে।

Related Articles