নগাঁও জিলাত সমষ্টি ভিত্তিত মেগা স্বাস্থ্য শিবিৰ আয়োজন সন্দৰ্ভত সংবাদমেল

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত শুকুৰবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত বিধানসভা সমষ্টি ভিত্তিত মেগা স্বাস্থ্য শিবিৰ আয়োজন সন্দৰ্ভত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত এখন সংবাদ মেল অনুষ্ঠিত হৈ যায়। সংবাদ মেলত আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে, “স্বাস্থ্যবান সমাজ স্বাস্থ্যবান অসম” শীৰ্ষক লক্ষ্যৰে সমগ্র ৰাজ্যৰ লগতে নগাঁও জিলাতো অহা ১৪ অক্টোবৰৰ পৰা ৩০ অক্টোবৰ তাৰিখলৈকে জিলাখনৰ বিধানসভা সমষ্টি সমূহত বিশেষজ্ঞ চিকিৎসক সকলৰ উপস্থিতিত মেগা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে । এই অনুসৰি অহা ১৪ অক্টোবৰ তাৰিখে নেহৰুৱালীত নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ, ১৬ অক্টোবৰ তাৰিখে অলহাজ নুৰুল হুছেইন উচ্চ মাধ্যমিক বিদ্যালয়ত, চামগুৰি বিধানসভা সমষ্টিৰ, ১৭ অক্টোবৰ তাৰিখে মুক্তি যুঁজাৰু ভৱন কলিয়াবৰ, কলিয়াবৰ বিধানসভা সমষ্টিৰ, ২৩ অক্টোবৰ তাৰিখে কান্ধুলিমাৰী চিৰাজ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দগাঁৱত ৰূপহীহাট বিধানসভা সমষ্টিৰ, ২৪ অক্টোবৰ তাৰিখে বাপুজি ভৱন পুথিভঁৰাল ,পুৰণিগুদাম আৰু ২৫ অক্টোবৰ তাৰিখে কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামপুৰত বঢ়মপুৰ বিধানসভা সমষ্টিৰ, অহা ২৭ অক্টোবৰত ৰহা মীন মহাবিদ্যালয়ৰ অতিথিশালা, চাপৰমুখত ৰহা বিধানসভা সমষ্টিৰ আৰু ৩০ অক্টোবৰ তাৰিখে ফকৰুদ্দিন আলী আহমেদ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, ধুপগুৰি ধিঙত, ধিং বিধানসভা সমষ্টিৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হব ।

উল্লেখযোগ্য যে, এই স্বাস্থ্য শিবিৰ সমূহত জন্মৰ পৰা আৰম্ভ কৰি ১৮ বছৰৰ প্ৰতিগৰাকী শিশুক জন্মগত হৃদৰোগ, স্নায়ুজনীত সমস্যা, চকু, কান, যৎকৃত, বৃক্ক ৰোগৰ লগতে অভাৱজনীত কাৰণত হোৱা ৰোগৰ চিনাক্তকৰণ আদি নিৰ্ধাৰিত ৰোগ সমূহৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদান কৰা হব আৰু পৰবৰ্তী পৰ্য্যায়ত প্ৰয়োজন সাপেক্ষে উন্নত চিকিৎসাসেৱা প্ৰদানৰ ব্যৱস্থা কৰা হব। ৰোগীৰ প্ৰয়োজন সাপেক্ষে বিনামূলীয়া যাতায়তৰ সু ব্যৱস্থাও কৰা হৈছে। জিলাবাসী ৰাইজক তেওঁলোকৰ আশেপাশে যদি এনেধৰণৰ ৰোগত আক্ৰান্ত বা এনে বিসংগতি থকা শিশু বা কিশোৰ-কিশোৰী আছে তেন্তে অতি শীঘ্ৰেই নিকটৱৰ্তী স্বাস্থ্য কৰ্মীৰ লগত সংযোগ স্থাপন কৰি অনুষ্ঠিত হবলগীয়া স্বাস্থ্য শিবিৰ সমূহত তেওঁলোকৰ উপস্থিতি সু-নিশ্চিত কৰিবলৈ জিলা আয়ুক্ত গৰাকীয়ে আন্তৰিকতাৰে আহ্বান জনাইছে । এই বৈঠকত জিলা অতিৰিক্ত আয়ুক্ত সুদীপ নাথ, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়া, অতিৰিক্ত মুখ্য স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ পৰশমণি গোস্বামী, জিলা প্ৰতিষেধক বিষয়া ডাঃ মুকুট ডেকা, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক, অনিৰ্বাণ বৰঠাকুৰ, জিলা প্ৰচাৰ মাধ্যম বিশেষজ্ঞ পৰীস্মিতা বুঢ়াগোঁহাই, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াকে প্ৰমুখ্য কৰি জিলাখনৰ ছপা আৰু বৈদ্যুতনিক মাধ্যমৰ সংবাদসেৱী সকল উপস্থিত থাকে ।

Related Articles