১১৪ গৰাকী কমিউনিটি কেডাৰক স্কুটি বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই

ডিজিটেল সেৱা, কলিয়াবৰ: দেওবাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ “সখী এক্সপ্ৰেছ” আঁচনিৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ কলিয়াবৰ উন্নয়ন খণ্ডৰ ৪৫ গৰাকী আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ ৬৯ গৰাকী বেংক সখী, বীমা সখী, জীৱিকা সখী, কৃষি সখী, পশু সখীকে আদি কৰি সৰ্বমুঠ ১১৪ গৰাকী কমিউনিটি কেডাৰক আনুষ্ঠানিক ভাৱে স্কুটি বিতৰণ কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মন্ত্ৰী কেশৱ মহন্তই ।

উল্লেখযোগ্য যে, গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত অৰ্থনৈতিক সবলীকৰণৰ বাৰ্তা প্ৰচাৰৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে এই সখী সকলক নিয়োজিত কৰিছে ।আত্মসহায়ক গোটসমূহৰ কাম-কাজত গতিশীলতা আনি গ্ৰামোন্নয়ন আৰু মহিলাসকলক আৰ্থিক ভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এই অভিলাষী পদক্ষেপে নিশ্চয়কৈ আগন্তুক দিনত অসমখনক এক নতুন গতিশীলতা প্ৰদান কৰে।

এই স্কুটি বিতৰণ অনুষ্ঠানটিত কলিয়াবৰ সম জিলাৰ সম আয়ুক্ত ৰাজ বৰুৱা , সম জিলাৰ সম আৰক্ষী অধীক্ষক বিতুল চেতিয়া, খণ্ড উন্নয়ন বিষয়াদ্বয়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক, শংখ প্ৰবাল শান্দিল্যে ,খণ্ড প্ৰকল্প প্ৰবন্ধক, পঞ্চায়তৰ প্ৰতিনিধিসকলকে প্ৰমুখ্য কৰি প্ৰশাসনিক বিষয়াসকল আৰু স্থানীয় বিশিষ্ট ব‍্যক্তিসকল উপস্থিত থাকে।

Related Articles