চি.আৰ.পি.এফ কনিষ্টবল শ্বহীদ মহেন্দ্ৰ লস্কৰৰ ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন

ডিজিটেল সেৱা, নগাঁও: যোৱা ১০ অক্টোবৰ তাৰিখে নিশা ঝাৰখণ্ডৰ জৰাইকেলা (পশ্চিম সিংহভুম) আৰক্ষী চকীৰ অন্তৰ্গত এডালবেৰা এলেকাত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত হোৱা আইইডি বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈ উগ্ৰপন্থীৰ বিৰুদ্ধে অদম্য সাহসেৰে যুজঁ দি, নগাঁও জিলাৰ কামপুৰৰ কুঁৱৰীআটি গাঁও নিবাসী, ৬০ নম্বৰ চি.আৰ.পি.এফৰ প্ৰধান কনিষ্টবল, আই অসমীৰ বীৰ সন্তান মহেন্দ্ৰ লস্কৰ নিহত হয় । দেওবাৰে শ্বহীদ মহেন্দ্ৰ লস্কৰৰ নশ্বৰ দেহ তেখেতৰ জন্মস্থান নগাঁৱৰ কামপুৰ কুঁৱৰীআটি স্থিত স্বগৃহলৈ কামপুৰবাসী ৰাইজে সমদলেৰে আদৰি আনে ।

স্বগৃহত শ্বহীদ গৰাকীৰ নশ্বৰ দেহটি উপস্থিত হোৱাৰ পিছত অঞ্চলবাসী ৰাইজে অশ্রুসিক্ত নয়নেৰে শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত ৰাজ্যিক মৰ্যদাৰে শ্বহীদ গৰাকীৰ শেষকৃত সম্পন্ন কৰা হয়। শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু শেষকৃতত বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে প্ৰমুখ্য কৰি চি.আৰ.পি.এফৰ উচ্চপদস্থ বিষয়াসকল,কেইবাগৰাকীও প্ৰশাসনিক বিষয়া আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

Related Articles