এছ আই টিৰ সন্মুখত ভাষ্য প্ৰদান কৰে জুবিন পৰিয়ালৰ অৰুণ গাৰ্গে

ডিজিটেল সেৱা, গুৱাহাটী:দেওবাৰে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত জুবিন গাৰ্গৰ পৰিয়ালৰ ঘৰুৱা সহায়ক অৰুণ গাৰ্গ । এছ আই টিয়ে অৰুণ গাৰ্গৰো ভাষ্য সংগ্ৰহ কৰে ।চি আই ডি কাৰ্যালয়ৰ পৰা ওলাইয়ে অৰুণ গাৰ্গে কয়, “মোক কেৱল দাদাৰ ন্যায় লাগে । বৌৱে ৰাতিটো কান্দি আছে । শীঘ্ৰে ন্যায় লাগে আমাক । ছিংগাপুৰত য়ট পাৰ্টীত থকাসকলক চোঁচৰাই আনি সুধিব লাগে ।” তদন্তত সময় কিয় লাগিছে বুলি সাংবাদিকে প্ৰশ্ন কৰে যদিও তেওঁৰ মুখত এটাই কথা “দাদাৰ ন্যায় লাগে” ।উল্লেখ্য যে, সামাজিক মাধ্যমত অৰুণ গাৰ্গেও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী জনাই আহিছে । তেওঁ সঘনাই ফেচবুক একাউণ্টৰ পৰা জুবিন গাৰ্গৰ লগত থকা ফটো শ্বেয়াৰ কৰি ‘আমাক ন্যায় লাগে’ বুলি দাবী জনাই আহিছে ।জুবিন গাৰ্গৰ ঘৰত সুদীৰ্ঘ দিন ধৰি থকা অৰুণ গাৰ্গৰ আচল নাম হৈছে অৰুণ ছাচনী । শিৱসাগৰৰ দৌলবাগানৰ এজন আদিবাসী চাহ জনগোষ্ঠীৰ ল’ৰা অৰুণ ছাচনী ।অৰুণ গাৰ্গ আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে অধিক চৰ্চালৈ আহিছিল । কিয়নো জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিছিল অৰুণ গাৰ্গ । মুখাগ্নি কৰা ৪ গৰাকী ব্যক্তিৰ ভিতৰত আছিল অৰুণ গাৰ্গ।

Related Articles