ডিজিটেল সেৱা: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ চাৰ্জিল ইমাম আজিও কাৰাবন্দী। কা বিৰোধী আন্দোলনৰ সময়ত দেশদ্ৰোহী আৰু উচতনিমূলক ভাষণ প্ৰদান কৰাৰ অভিযোগ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ চাৰ্জিল ইমাম আজিও কাৰাবন্দী। শেহতীয়াকৈ আদালতত চাৰ্জিলে দাখিল কৰিছে অন্তৱৰ্তীকালীন জামিনৰ আবেদন।কিন্তু কাৰাগাৰৰ ভিতৰৰ পৰাই বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে চাৰ্জিলে।ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চাৰ্জিলে বিহাৰৰ বাহাদুৰগঞ্জ বিধানসভা সমষ্টিৰ পৰা নিদৰ্লীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । বিহাৰৰ কড়কড়ুডুমা আদালতত জামিনৰ বাবে আবেদন কৰিছে চাৰ্জিলে। ১৫ অক্টোবৰৰ পৰা ২৯ অক্টোেবৰ,২০২৫ৰ লৈকে ১৪ দিনৰ অন্তৱৰ্তীকালীন জামিন বিচাৰি আবেদন কৰিছে চাৰ্জিলে। আদালতত চাৰ্জিলৰ অধিবক্তাই দাখিল কৰা আবেদনত কোৱা হৈছে যে, – চাৰ্জিল এগৰাকী ৰাজনৈতিক বন্দী। তেওঁ এগৰাকী ছাত্ৰ আন্দোলনকাৰী। বিগত প্ৰায় ৫বছৰ ২মাহ ধৰি চাৰ্জিলে কোনো জামিন লাভ নকৰাকৈ জেলতেই আছে। দীৰ্ঘ সময় ধৰি তেওঁ পৰিয়ালৰ লগতো সময় কটাব পৰা নাই। গতিকে এইবাৰ ৰাজনৈতিক কিছু কাম আৰু পৰিয়ালক সময় দিবলৈ তেওঁক ১৪দিনৰ জামিন দিব লাগে। উল্লেখযোগ্য যে,২০২০ত চাৰ্জিলৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল চাৰ্জিলক। তাৰ পিছৰে পৰাই চাৰ্জিলৰ বিৰুদ্ধে ভিন্ন গোচৰ জাপি দিয়া হৈছে যাৰ বাবে ইমাম আজিও কাৰাবন্দী।
কাৰাগাৰৰ পৰাই বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব চাৰ্জিল ইমামে !