ডিজিটেল সেৱা, গুৱাহাটী:কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশৰ আদালতত মানহানি গোচৰ তৰিছে ৰিণিকি ভূঞা শৰ্মাই। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে অপৰাধমূলক মানহানি গোচৰ ৰিনিকি ভূঞা শৰ্মাৰ। অখিল গগৈৰ পিছতে এইবাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে অপৰাধমূলক মানহানি গোচৰ। যোৱা ২৬ ছেপ্টেম্বৰত অজাপ সভাপতি গৰাকীয়ে “গোল্ডেন থেড অফ অসম” আৰু ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আয়োজন কৰিছিল সংবাদমেল। কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশৰ আদালতত ৩০ অক্টোবৰত হ’ব এই গোচৰৰ শুনানি। ৰিণিকি ভূঞা শৰ্মাৰ হৈ অধিবক্তা কিশোৰ দত্তই এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে।
লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছে ৰিণিকি ভূঞা শৰ্মাই