ডিজিটেল সেৱা,নগাঁও: অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ আৰু অভিলাসী আঁচনি শুশ্ৰূষা সেতুৰ অধীনত সমগ্র ৰাজ্যজুৰি বিধানসভা সমষ্টি ভিত্তিত আয়োজিত হৈ থকা মেগা স্বাস্থ্য শিবিৰৰ অংশস্বৰূপে ১৪ অক্টোবৰত নগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগিতাত নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টি ভিত্তিত মেগা স্বাস্থ্য শিবিৰটি নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুৱালী খেলপথাৰত অনুষ্ঠিত হয় ।

প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মেগা স্বাস্থ্য শিবিৰটিৰ শুভাৰম্ভনী কৰে নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । উদ্ধোধনী ভাষণত বিধায়ক গৰাকীয়ে জনসাধাৰণৰ স্বাস্থ্যৰ সজাগতাৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে প্ৰথমেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী গৰাকীক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । বিধায়ক গৰাকীয়ে তেওঁৰ ভাষণত সমষ্টিবাসী ৰাইজক অসম চৰকাৰ এই অভিলাসী আঁচনিখনৰ সুবিধা গ্ৰহণ কৰি এই স্বাস্থ্য শিবিৰত উপলব্ধ স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে নিজৰ শাৰীৰিক ব্যাধি সমূহ নিৰাময়ত আগভাগ লবলৈ আহ্বান জনায় ।

এই স্বাস্থ্য শিবিৰৰ উদ্ধোধনী অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়াই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।অনুষ্ঠিত হোৱা এই মেগা স্বাস্থ্য শিবিৰত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা পৰিলক্ষিত হয় । এই শিবিৰত ৩৬৫২ গৰাকী লোকৰ নাম পঞ্জীয়ন কৰা হয় আৰু ইয়াৰে ১২১ গৰাকী লোকক বিশেষ সা-সুবিধা থকা চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰ সু-ব্যৱস্থা কৰা হয় । এই স্বাস্থ্য শিবিৰত স্বাস্থ্য সেৱাৰ সুবিধাৰ বাবে পঞ্জীয়ন ডেক্স, মোবাইল লেবৰেটেৰী, জেনেৰেল লেবৰেটেৰী, জেনেৰেল অ’.পি.ডি, আয়ুষ আৰু কেঞ্চাৰ অ’.পি.ডি স্থাপন কৰাৰ লগতে তথ্য, শিক্ষা আৰু সংযোগ বিভাগৰ এটি প্ৰচাৰ কোষ স্থাপন কৰা হয় । এই কোষত বিভিন্ন ৰোগৰ স্বাস্থ্য সচেতনতা ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া বিভিন্ন নিয়মাৱলী সম্পৰ্কীয় প্ৰচাৰ পত্ৰিকা বিতৰণৰ ব্যৱস্থা কৰা হয় ।

এই শিবিৰত ১০ টা বিশেষজ্ঞ বিভাগৰ অধীনত স্বাস্থ্য পৰীক্ষণ আৰু চিকিৎসা সেৱা প্ৰদান কৰা হয় । উক্ত স্বাস্থ্য শিবিৰত জন্মৰ পৰা ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰী সকলক বিশেষ গুৰুত্ব প্ৰদান কৰাৰ উপৰিও হৃদ যন্ত্ৰ, স্নায়ু, বংশানুক্ৰমিক ৰোগ, যকৃৎ, বৃক্ক, চকু আৰু নাক-কাণৰ ৰোগকে ধৰি ৫০ বিধৰো অধিক ৰোগৰ নিৰ্ণায়ক পৰীক্ষাৰ সুবিধা উপলদ্ধ কৰোৱা হয় । তদুপৰি পৰবৰ্তী পৰ্য্যায়ত যথোপযুক্ত চিকিৎসা প্ৰদান আৰু বিনামূলীয়া পুনৰীক্ষনৰ ব্যৱস্থা, ৰোগ অনুসৰি পৰ্যায়ক্ৰমে উন্নত তথা বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে বিশেষ সা-সুবিধা থকা চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা ইত্যাদি সেৱাও অন্তৰ্ভুক্ত কৰা হয় ।

এই স্বাস্থ্য শিবিৰৰ উদ্ধোধনী অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) সুদীপ নাথ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়া, নগাঁও পৌৰসভাৰ উপ সভাপতি সীমান্ত বৰা, সমাজকৰ্মী ৰঞ্জিত বৰদলৈ, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া,ৰাজ্যিক কাৰ্যবাহী বিষয়া বিদ্যুৎ প্ৰভা বৈশ্য, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক অনিৰ্বাণ বৰঠাকুৰ, জিলা প্ৰচাৰ মাধ্যম বিশেষজ্ঞ পৰীস্মিতা বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ চিকিৎসকৰ লগতে বিশেষজ্ঞ চিকিৎসক সকল,স্বাস্থ্য বিভাগৰ বিভাগীয় কৰ্মচাৰী,স্বাস্থ্য কৰ্মীৰ লগতে গৰিষ্ঠসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ।