ডিজিটেল সেৱা,বাক্সা: জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ পাঁচগৰাকী অভিযুক্তক কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।অগ্নিগৰ্ভা হৈ পৰিল বাক্সাৰ নৱনিৰ্মিত জিলা কাৰাগাৰৰ সন্মুখভাগ একাংশ জুবিন অনুৰাগীৰ ক্ষোভৰ উদগীৰণ হয় কাৰাগাৰৰ সন্মুখত । এই ক্ষোভ আৰু প্ৰতিবাদে এসময়ত হিংসাত্মক ৰূপ লয় । যাৰ ফলত নিৰাপত্তাত নিয়োজিত আৰক্ষীয়ে লাঠিচালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিবলগা হয় । একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে । ইয়াৰ পিছতে পৰিস্থিতিৰ অধিক অৱনতি ঘটে ।ইয়াৰ ফলত কেইবাজনো আৰক্ষীৰ লগতে সাংবাদিক তথা সংবাদকৰ্মীও আহত হয় । আনহাতে, একাংশ প্ৰতিবাদকাৰীয়ে কেইবাখনো বাহনত অগ্নিসংযোগো কৰে । এই অগ্নিসংযোগৰ ঘটনাত এটা সংবাদ প্ৰতিষ্ঠানৰ এখন বাহনো সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।এই অগ্নিগৰ্ভা পৰিস্থিতিৰ বাবে বাক্সা জিলাত বলৱৎ কৰা হৈছে কাৰ্ফিউ । বি এন এছ এছ ১৬৬ ধাৰাৰ অধীনত জাৰি কৰা হৈছে বিশেষ নিষেধাজ্ঞা ।

ইফালে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলাখনলৈ প্ৰেৰণ কৰা হৈছে অতিৰিক্ত বাহিনী । পাৰ্শ্বৱৰ্তী জিলাকেইখনৰ পৰা বাক্সালৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীকে ধৰি অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত বাহিনী ।উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু দুই ব্যক্তিগত দেহৰক্ষীক বুধবাৰে বাক্সা জিলাৰ নিকাছিস্থিত কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে কাৰাগাৰৰ সন্মুখত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এই পাঁচোগৰাকীৰে বুধবাৰে আৰক্ষীৰ জিম্মা শেষ হোৱাৰ পিছত আটাইকেইজনকে কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় । ইয়াৰ পিছতে আদালতে আটাইকেইজন অভিযুক্তকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । কিন্তু গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত নিৰাপত্তাজনিত আশংকাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক বাক্সা জিলাৰ নিকাছিস্থিত নৱনিৰ্মিত কাৰাগাৰলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।