ডিজিটেল সেৱা: “যক্ষ্মামুক্ত ভাৰত” হৈছে ভাৰত চৰকাৰৰ এটা গুৰুত্বপূর্ণ অভিযান আৰু সংকল্প, যাৰ উদ্দেশ্য দেশখনক সম্পূৰ্ণৰূপে যক্ষ্মা ৰোগৰ পৰা মুক্ত কৰি তোলা। ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে সচেতনতামূলক কাৰ্যসূচী, বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসা সুবিধাৰ লগতে জনসাধাৰণৰ মাজত ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে, যাতে সময়মতে পৰীক্ষা আৰু উপযুক্ত চিকিৎসা প্ৰদানৰ দ্বাৰা যক্ষ্মা ৰোগটো সম্পূৰ্ণভাৱে ভাৰতবৰ্ষৰ পৰা নিৰ্মূল কৰিব পৰা যায়।

ভাৰতবৰ্ষত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা জনকল্যাণৰ্থে আয়োজিত “সেৱা সপ্তাহ”ৰ বিভিন্ন কাৰ্যসূচীৰ অংশ স্বৰূপে ১৫ অক্টোবৰ তাৰিখে যক্ষ্মা ৰোগ দূৰীকৰণৰ বাবে এক জনআন্দোলন “প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযান” আৰু ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী (NTEP), অসমৰ সৈতে সংগতি ৰাখি, জিলা স্বাস্থ্য সমিতি, নগাঁৱৰ উদ্যোগত ঐতিহাসিক নেহৰুবালী খেলপথাৰত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত “নিক্ষয় মিত্ৰ” সকলৰ সহযোগত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ ১০০ গৰাকী যক্ষ্মা ৰোগীৰ মাজত পুষ্টিকৰ খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়।

এই অনুষ্ঠানত, নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত সুদীপ নাথ, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰা, নগাঁও জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ বিষয়া ডঃ গুলজাৰ হুছেইন , নগাঁৱৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক অনিৰ্বাণ বৰঠাকুৰ প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়াসকল, বহুসংখ্যক স্থানীয় গণ্য মান্য ব্যক্তি আৰু জিলাখনৰ যক্ষ্মা ৰোগী সকলৰ লগতে তেওঁলোকৰ অভিভাৱক সকল উপস্থিত থাকে।