ডিজিটেল সেৱা,নগাঁও: নগাঁও জিলা উন্নয়ন সমিতিৰ এই মাহৰ বৈঠকখন ১৫ অক্টোবৰত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় । বৈঠকৰ আৰম্ভনিতেই প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনাৰে উপস্থিত সকলোৱে এক মিনিটৰ মৌন প্রার্থনা জনোৱা হয়। সভাত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰীয়ে বিগত সভাৰ কাৰ্যবিবৰণিখন দৃশ্য শ্ৰৱ্য মাধ্যমেৰে দাঙি ধৰি বিভাগ সমূহৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয়।সভাত জিলা আয়ুক্ত গৰাকীয়ে শিক্ষা আৰু স্বাস্থ্য বিভাগৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে, এখন ৰাজ্য তথা জিলাৰ উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন বিভাগ সমূহৰ লগতে শিক্ষা আৰু স্বাস্থ্য বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

আয়ুক্ত গৰাকীয়ে শিক্ষাৰ ক্ষেত্ৰত সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে উপযুক্ত শিক্ষা প্ৰদান, মধ্যাহ্ন ভোজন আদিৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে স্বাস্থ্য বিভাগক জনসেৱা মনোভাৱেৰে সকলোকে স্বাস্থ্য সেৱা আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰে । সভাত আয়ুক্ত গৰাকীয়ে বিভাগ সমূহৰ মুৰব্বী বিষয়াসকলক তেখেতসকলৰ কাৰ্যালয়লৈ বিভিন্ন কামত অহা জনসাধাৰণক তেখেতৰ লগতে তেখেতৰ অধীনষ্ঠ কৰ্মচাৰী সকলে সদব্যৱহাৰ আৰু গুৰুত্ব প্ৰদান কৰি সেৱা আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰে । এই বৈঠকত কলিয়াবৰ আৰু ৰহা সম জিলাৰ সম জিলা আয়ুক্ত দ্বয় ক্ৰমে- ৰাজ বৰুৱা আৰু অংকিতা বৰা, অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাং, সহকাৰী আয়ুক্ত দ্বয় শিল্পীৰেখা পণ্ডিত আৰু অনুৰণ মেধিকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগ সমূহৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।