●নিলোৎপল বৰা
বাক্সাৰ ঘটনাত আমাৰ কেইবাগৰাকীও সাংবাদিক আহত হ’ল, তেজৰে লুটুৰি-পুটুৰি হ’ল। এইসকলৰ বাহিৰেও আমাৰ বহু সাংবাদিকে শিলগুটিৰ কোব খালে। সেয়া গুৰুত্বপূৰ্ণ নহয়। কাৰণ সাংবাদিক মানুহ নহয়, সাংবাদিকে মাৰ খোৱাটো আজিৰ যুগত এটা ট্ৰেণ্ড। কিন্তু লগতে কৰ্তব্যৰত আৰক্ষীও আহত হ’ল, জুবিন গাৰ্গৰ ন্যায় বিচাৰি অহা প্ৰতিবাদকাৰীও আহত হ’ল। ন্যায় বিচৰাৰ নামত একাংশই ভণ্ডামি কৰিলে, ন্যায় প্ৰক্ৰিয়াক বিঘ্নিত কৰাৰ চেষ্টা কৰিলে। এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাবেই এই ঘটনাৰ সূত্ৰপাত হোৱাৰো অভিযোগ উঠিছে। ভিডিঅ’ ফুটেজত অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে হঠাৎ শান্ত হৈ থকা জনসাধাৰণক লাঠীচালনা কৰাও দেখা গ’ল। এই বিষয়বোৰৰ তদন্ত হোৱাৰ কথা ইতিমধ্যে অসম আৰক্ষীয়ে ঘোষণা কৰিছে। সেই বিষয়বোৰৰ ওপৰত সামাজিক মাধ্যমত আলোচনা হৈছে আৰু হৈ থাকিব। কিন্তু সাংবাদিক হিচাপে অসম আৰক্ষীলৈ কিছূ প্ৰশ্ন মনত থাকি গ’ল। সেয়ে আজিৰ এই জঘণ্য ঘটনাৰ বাবে উদণ্ড প্ৰতিবাদকাৰীৰ সৈতে সমানে সমানে আমি আৰক্ষীকো জগৰীয়া কৰিব বিচাৰো। সাংবাদিক হিচাপে এই ১৪টা বছৰত আমাৰো কিছূ অভিজ্ঞতা হৈছে। সাধাৰণতে কোনো এখন জিলা সদৰ এটা সৰু প্ৰতিবাদ হ’লেই দুই-তিনিদিনৰ আগৰ পৰা অসম আৰক্ষীৰ বিশেষ শাখাৰ বিষয়া-জোৱান সকল সষ্টম হৈ পৰে। প্ৰতিবাদৰ সময়ত যাতে কোনো হিংসাত্মক কাৰ্যকলাপ অথবা আইন-শৃংখলাৰ অৱনতি নঘটে তাৰ বাবে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰে। একেদৰে কোনো ভিভিআইপি ৰ সভা, বিভিন্ন চৰকাৰী কাৰ্যসূচী, বিৰোধী দলৰ কাৰ্যসূচী, বন্ধ সকলোৰে ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰে। পিছে আজি বাক্সাত ইমান এটা ডাঙৰ ঘটনাৰ হ’ল অসম আৰক্ষীৰ বিশেষ শাখাৰ বিষয়া সকলে ফুটকেই নাপালে। ইমান দমে দমে শিলগুটি, লাঠী, পেট্ৰ’ল হঠাৎ গোটোৱা সম্ভৱ নহয়। কিন্তু আজি বাক্সাত যি শিলাবৃষ্টি হ’ল, সংবাদ মাধ্যমৰ গাড়ী জ্বলোৱা হ’ল এনে ভয়ংকৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে দুষ্টচক্ৰক আৰক্ষী বাধা দিয়াত বিফল হোৱাৰ একমাত্ৰ কাৰণ অসম আৰক্ষীৰ বিশেষ শাখা অথবা চোৰাংচোৱাৰ বিফলতা। আৰক্ষীৰ তদন্তত সকলো স্পষ্ট হ’ব কোনে আজি বাক্সাৰ পৰা অসমক জ্বলোৱাৰ ভয়াবহ পৰিকল্পনা কৰিছে, কোনে এই প্ৰতিবাদত উচতনি দিছে কিন্তু লগতে অসম আৰক্ষীৰ চোৰাংচোৱাৰ ব্যৰ্থতাৰ দিশটোও চিন্তনীয়। কাৰণ অসম আৰক্ষীৰ চোৰাংচোৱা যদি আজিৰ দৰে হয় তেন্তে অনাগত দিনত এই দুষ্টচক্ৰটোৱে প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ অচিলা লৈ সমগ্ৰ অসমতে পৰিস্থিতি ভয়াবহ কৰাত চেষ্টা যে নকৰিব তাৰ কোনো নিশ্চয়তা নাই। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ গৃহবিভাগৰো যথেষ্ট কৰণীয় আছে বুলি আমাৰ অনুভৱ