ডিজিটেল সেৱা: ক্ৰমান্বয়ে অধিক তীব্ৰতৰ হৈ উঠিছে জুবিন গাৰ্গৰ অবাঞ্চিত মৃত্যুৰ ন্যায়ৰ দাবী। শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ ন্যায়ৰ দাবীত এতিয়া সামাজিক মাধ্যমত আৰম্ভ হৈছে ডিজিটেল আন্দোলন। #we_Need_ZubeenGargjustice_within_10days আৰু #JusticeForZubeenGarg লিখি ন্যায়ৰ দাবীত সৰৱ হৈ পৰিছে অসংখ্য অনুৰাগীয়ে । উল্লেখ্য যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ১০ দিনৰ ভিতৰত জুবিনৰ ন্যায় প্ৰদানৰ দাবী কৰি সামাজিক মাধ্যমত এক প’ষ্ট কৰিছিল। গৰিমাৰ লগতে জুবিন গাৰ্গৰ ভগ্নী ডঃ পামী বৰঠাকুৰেও সামাজিক মাধ্যমত একেই দাবী উত্থাপন কৰে। গৰিমাৰ এই আহ্বানৰ পাছত সামাজিক মাধ্যমত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ ঢৌ উঠিছে। সকলো শ্ৰেণীৰ মানুহে, বিশেষকৈ যুৱ সমাজে, জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমাজিক মাধ্যমত #we_Need_ Zubeen GargJustice_ within_10days আৰু #JusticeForZubeenGarg লিখি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়ৰ দাবী জনাইছে।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ডিজিটেল আন্দোলন