নিশা এটা উজাগৰে আছে

●পদ্ম মৰাণ

বহুত দিন হল ” চাহেব পুৰাৰ বৰষুণ ” উপন্যাস খন মেলি চোৱা নাই , আচলতে জীৱনৰ ব্যস্ততা বোৰৰ পৰাই এনেকুৱা হয় কেতিয়াবা কিছুমান কিতাপৰ কাহিনী বোৰ সম্পূৰ্ণ কৈ পঢ়িব পাৰো আৰু কেতিয়াবা কিছুমান কাহিনী আধা পঢ়া কৈ সামৰি থব লগা হয় , সেইকাৰণে বেয়া পাও মই কিতাপ এখন আধা মেলা কৈ পঢ়িবলৈ , হলেও কেতিয়াবা মন যায় আজৰি সময় কন নিজৰ সৈতে খৰচ কৰিবলৈ । ঘৰ এখন চম্ভালা কিমান কষ্টকৰ কেৱল ঘৰৰ মানুহ গৰাকীয়ে উপলদ্ধি কৰিব পাৰে , হলেও তাৰ মাজতে বহুত কেইখন উপন্যাস পঢ়িছো । কিছুমান উপন্যাস পৰাই বাস্তব জীৱনৰ সন্ধান পাব পাৰি আৰু কিছুমান উপন্যাস পৰা এটা সামাজিক জীৱনৰ প্ৰতিচ্ছবি দেখি পাব পাৰি । সেয়েহে মই এটা কম বয়সৰ পৰাই উপন্যাস জগত খনলৈ প্ৰৱেশ কৰিছিলোঁ । কথা খিনি ভাবি ভাবিয়েই সুবালাই ঘৰৰ ইটো হিটো কাম কৰি আছে হঠাতে কলিং বেল টো বাজি উঠিল
: অ আহিলা
মানুহ জনৰ কোনো প্ৰতিক্ৰিয়া নাই মাত্ৰ
: উম
: গা বেয়া নেকি
: না নহয় ।
এইজনেই হল সমীৰ, সুবালাৰ স্বামী । সিহঁতৰ প্ৰায় সংসাৰ কৰা তিনি বছৰে হল দুয়ো দুয়োজনে অতি সোনকালে বুজি উঠে , দুয়ো জনৰ মাজত ইমানেই বিশ্বাস আৰু প্ৰেম যে সিহঁতক আন মানুহেও আজিৰ সময়ৰ ৰাধা কৃষ্ণ বুলি জোকাই, ভাল লাগে সুবালাৰ যেতিয়া প্ৰিয় ভগবানৰ নামৰ সৈতে তুলনা কৰে , অন্ততঃ মানুহ বোৰৰ উপহাৰত প্ৰিয় ভগৱান জনৰ নাম টো জৰিত হৈ থাকে । আন দিনা অফিচৰ পৰা আহি ফুৰ্তিৰে সুবালা বুলি এটা দুৰৰ পৰাই চিঞৰি আহে , কিন্তু সেইদিনা কিছু ব্যতিক্ৰম আছিল । অফিচৰ পৰা আহিল যি আহিল মুখত কোনো মাত নাই। আহিল আৰু চুপাৰ খনতে বাগৰি পৰিল সুবালাই পানী খাবা নেকি বুলি এবাৰ সুধিছিল সমীৰৰ হুমুনীয়া সৰিছিল ।ওচৰত গৈ মুখৰ পৰা নিচা জাতীয় গোন্ধ নিগৰি আহিছে , গোন্ধ টো পাই সুবালা হতবম্ব হৈ পৰিল নিজকে কোন খন পৃথিৱীত আছে যেন লাগিল মুৰত বিষ এটা উলমি ৰৈছিল , কোনো দিনে মুখত সুৰা সেৱন নকৰা ব্যক্তি জনে আজি সুৰা পান কৰি আহিছে এইয়া সপোন দেখি থকা নাই টো নিজৰ গা টোত এবাৰ চিকুত মাৰি চালে নাই এইয়া সপোন নহয় বাস্তব এইয়া সঁচাকৈ কঠোৰ সময়ৰ বাস্তব।নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই, সুবালাই টো এতিয়াৰ চিনাকি নহয় সেই কলেজ পঢ়ি থকা দিনতেই চিনাকি , বৰ অমায়িক আছিল লৰা জন , কোনো লৰা লগতে কাজিয়া লাগি পোৱা নাছিল , সকলো শিক্ষক শিক্ষয়িত্ৰী য়ে সৰল স্বভাৱৰ বাবে বৰ ভাল পাইছিল , লগৰ বোৰে মৰমতে চুম বুলি মাতিছিল , প্ৰথমে সিহঁতৰ প্ৰেমৰ কথা কোনেও গম পোৱা নাছিল পাছলৈ সুবালাই নিজে ঘৰত কৈছিল , মাক দেউতাকে লৰা জনৰ পৰিচয় গম পোৱা পাছত কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল আনকি সুবালাক সমীৰৰ পৰা আঁতৰি যাবলৈ ধিক্কাৰ দিছিল । কাৰণ সমীৰৰ আপোন বুলিলে কোনো নাছিল এজন অনাথ শিশু আছিল অনাথ আশ্ৰমত ডাঙৰ হৈছিল । কোনো পৰিয়ালৰ সদস্য নথকাৰ বাবে সুবালা ঘৰৰ মানুহে এই প্ৰেমৰ স্বীকৃতি দিব বিচৰা নাছিল । দিন বোৰ বাগৰিল সুবালাৰ বাবে ঘৰৰ মানুহে দৰা ঠিক কৰিছিল সেই মতে চাবলৈ আহিছিল কিন্তু লৰা জন দেখা মাত্ৰ কে না কৰিছিল , নাই উপাই নাছিল মাক দেউতাকৰ এবাৰ সমীৰক সিহঁতৰ ঘৰলৈ মাটি পঠাইছিল মাক দেউতাকে কথা বতৰা আৰু ব্যক্তিত্ব দেখি ইমানেই মোহিত হৈ পৰিছিল , সিহঁতে ভাবি পেলাইছিল , হয়টো ইমান সৰল ভদ্ৰ অমায়িক লৰা চাগে এই পৃথিৱীত খুব কম ওলাব মাজনীৰ চিন্তা আৰু পছন্দ ক সন্মতি প্ৰদান কৰিব লাগিব । এইবুলি ভাবিয়েই ধুম ধামেৰে বিয়া পাতি দিলে । বিয়াৰ পিছত দুয়োৰে সংসাৰ সুন্দৰ বাবে চলিছিল । কোনো দিনে মুখত সুৰা সেৱন কৰা নাছিল , কোনো দিন এনেকুৱা ৰূপত দেখা নাছিল । কিন্তু সেইদিনা যেন আচহুৱা অনুভৱ হল , কিয় এনেকুৱা বস্তু বোৰৰ আশ্ৰয় লৈছে । মনৰ মাজত হাজাৰ তা চিন্তাই আমনি কৰিলে । কিয় ভাৱৰ প্ৰশ্ন এটা সেইদিনা বুকুত ৰৈ গল ।কিমান সফলতাই এজন ব্যক্তিক পূৰ্ণ কৰিব পাৰে বাৰু ! হয়টো নোৱাৰে সফলতাই এজন ব্যক্তি এটা পদত অধিষ্ঠিত হে কৰিব পাৰে কিন্তু মনৰ সুখী চাগে কৰিবলৈ সক্ষম নহয় ,সফলতাৰ বাহিৰেও থাকে কিছুমান বস্তু , লাগে সফলতাৰ বাহিৰেও লাগে কিছুমান আনুসংগিক প্ৰয়োজনীয় বস্তু যিবোৰে এজন ব্যক্তিক পূৰ্ণ কৰি দিব পাৰে । সফলতাই সঁচাকৈ নোৱাৰে চাগে আকাশ চুবলৈ নহলেনো দুজন ব্যক্তিৰ এখন সুন্দৰ সংসাৰ এদিনতে পৰিবৰ্তন আহি পৰে নে , সৌ সিদিনা লৈকে নম্ৰ লৰা জন হঠাতে নিচাত ধৰিব লগা অৱস্থা হয় নে , কথা বোৰ মনত বুজাব নোৱাৰা , সামৰি থব নোৱাৰা এটা কষ্টই আবৰি ধৰিছে সুবালাক । হলেও দৈনিক কাম কেইটা কৰাৰ বাবে ৰাতিপুৱা সোনকালে উঠি ভাত বনালেগৈ , ঘৰৰ কাম বোৰ নিয়াৰিকৈ কৰিলে , সমীৰে মাত্ৰ ভাত কেইটা খালে আৰু কোনো মাত নিদিয়াকৈ অফিচলে ওলাই গল ।
: আজি আকৌ সেইবোৰ খাই নাহিব দেই পিছফালৰ পৰা সুবালাই চিঞৰি কৈ উঠিল, ঘৰৰ কাম কেইটা কৰি আজৰি হৈ সুবালাই অলপ বহিছিল নোৱাৰিলে সেই ৰাতিৰ দৃশ্য টোৱে মনত ভাহি আহিল , পৰা নাই কথা খিনি সামৰিবলৈ। ইমান আবেগিক হৈ পৰিল নে তাই কালি সেইটো যেন অনুভৱ কৰিব নোৱাৰিলে । একেবোৰ কথাই আমনি দি থকাত অনুৰাধা শৰ্মা পূজাৰীৰ চাহেব পুৰাৰ বৰষুণ কিতাপ খন মেলি ললে । কিতাপ খন পঢ়ি থাকোতে কেতিয়ানো তিনি বাজিল গমেই নাপালে , ইফালে সমীৰ ঘৰ পাবলৈ হল ততাতৈয়াকৈ কিবা এটা ৰান্ধিবলৈ লৰ মাৰিলে কিছু সময় পাছত সমীৰ আহি পালে , ঠিক আগৰ দিনাৰ দৰে মনত কোনো প্ৰশস্তি ভাৱ নাই , অনবৰত হাঁহি এটা মুখত লাগি থকা মুখ খন খৰাং দৰে হৈ আছে । মাথোঁ নিচা সেৱন কৰা নাই । ভাত পানী খাবলৈ দি অলপ আৰাম কৰিবলৈ সমীৰ নিজৰ ৰূম গুচি গল , সুবালাই কিতাপ খন সামৰি ফুলত পানী দিয়াত লাগিল ।যত মানসিক শান্তি নাই তেনে সফলতাৰ কোনো অৰ্থ নাই । এইকেইদিন সমীৰ সঁচাকৈ মানসিক ভাৱে ভাগি পৰিছে কাৰণ টো সুধিলেও নকয় মাথোঁ সামৰি থয় একো নাই নাই বুলি তুমি এনেই চিন্তা কৰিছা। ৰাতি ভাত পানী খাই দুয়ো বিছনাত বাগৰ দি আছিল
: তোমাক কথা এটা সোধো। কিন্ত্ত সঁচা উত্তৰ দিবা
: কোৱা কি কথা
: তোমাৰ এইকেইদিন কি হৈছে । লক্ষণ বোৰ কিছু ব্যতিক্ৰম লাগিছে যে
: সঁচাকৈ একো নাই হোৱা অ।
বহুত বাৰ কথাৰ উত্তৰ বিচাৰিছিল , কিন্তু উত্তৰ টো চমুকৈ সামৰি থৈ দিয়ে । শেষত মোৰ শপত , মোৰ ভাল পোৱা শপত খাই কোৱা কি হৈছে , মিছা কৈ নকবা কিন্তু
সমীৰ বিপাঙত পৰিল , ইমান ডাঙৰ শপত এটা বাবে ৰাজী কৰাই দিলে , কি কৰে উপাই নাই কিছু সময় কিবা এটা ভাবি সেমেকা চকু ৰে কৈ উঠিল
: মই চাকৰি টো বাদ দিম বুলি ভাবিছো জানানে !
সুবালা এইবাৰ একেথৰে সমীৰ মুখৰ ফালে চাই ৰল , সেই চাকৰি তোৰ পৰাই সিহঁতে ইমান দিন চলি আছে সিহঁতৰ একমাত্ৰ জীৱিকা সেই চাকৰি টো চাকৰি বাদ দিলে কেনেকৈ চলিব সিহঁত, হঠাৎ চাকৰি বাদ দিয়া কথা , কিয় এনেকুৱা সিদ্ধান্ত লৈছে ভাবি পোৱা নাই সুবালাই।
: তুমি কি কৈ আছা এইবোৰ এবাৰ ভাবি চাইছা নে
: মই সকলো ভাবিয়ে এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ ।
সুবালাৰ মুখৰ মাত হেৰাই গল । কিয় এনেকুৱা বোৰ কৰিছে সমীৰ , কথা বোৰ সুধিও উত্তৰ বোৰ যেন থমকি ৰৈছে । কিছু সময় পিছত এটা দীঘল উশাহ ললে লগতে সমীৰৰ হুমুনিয়া এটা সৰিছিল ।
: কথা এটা কব পাৰো যদি তুমি মনত দুখ নকৰা
এই বাক্য শাৰীলৈ যেন ৰৈ আছিল সুবালাই, মাত্ৰ
উম্ বুলি কৈ থলে
: আমাৰ বিয়া হোৱা ৩ বছৰ হল , অহা জানুৱাৰী মাহত ৪ বছৰ সম্পূৰ্ণ হব ।
কথা কেইটা কৈ ৰৈ গল সমীৰ
: উম গম পাও পিছৰ খিনি কোৱা
: মই চাকৰি কৰা অফিচ তোৰ কেইজন মান লগৰ আছে সিহঁতে মোক মানসিক ভাবে ইমান বিকাৰগ্ৰস্ত কৰি তুলিছে যে , মোৰ বোলে বিয়া হোৱাৰ পাছত সন্তান নাই মই বোলে আৰু মোৰ পত্নি বোলে অমংগলীয়া , মোৰ জীৱনত এজন সন্তানৰ আবশ্যক আছিল এইবোৰ সদায় মোৰ আগত পদ্য পাঠ কৰি থাকে , সেয়েহে সেইদিনা খঙত নিচা সেৱন কৰি ঘৰ আহিলো ।কথা কেইটা কৈ কান্দি উঠিল সমীৰ, সুবালাই কথা কেইটা শুনাৰ পিছত বুকু খনত বিষ এটাই খুন্দা মৰাৰ দৰে অনুভব হল , বুজি উঠিল সুবালাই সঁচাকৈ ভাগি পৰিছে তেওঁৰ সমীৰ , সাধাৰণতে পুৰুষ মানুহে নাকান্দে , বা দুৰ্বল নহয় কিন্তু কিমান বেছি ভিতৰি ভাগি পৰিলে এজন পুৰুষে এনেদৰে কান্দি উঠে , তাতো উজাগৰী নিশাত ।কথাষাৰ সঁচাকৈ শুনি অনুতপ্ত সুবালা, সংসাৰ কৰা বছৰ হল সঁচাকৈ যাৰ হলেও দেউতাক, মাক হবলৈ ইচ্ছা প্ৰকাশ কৰে , কিন্তু আমাৰ ভাগ্যত নাই চাগে , এই জনমত সন্তানৰ মুখ দেখিবলৈ নাপাম চাগে , দুচকু পানীৰে উপচি পৰিল । কি উত্তৰ দিব সুবালাই, কোনো দিনে নভবা এটা কথা কৈ পেলালে সমীৰে ,হয়টো কথাষাৰ দুয়ো জনে মনে মনে ভাবিছিল , কিন্তু সন্তান অবিহনে নিজৰ সুখ খিনি বিচাৰি লব জানিছিল , নিজৰ জীৱনটো ধুনীয়াকৈ সজাই তুলিব পাৰিছিল ,অনাথ আশ্ৰমৰ শিশু সকলক গৈ মাজে মাজে মৰম কৰিছিল , মন পছন্দ খাদ্য বনাই নি শিশু সকলক খুৱাইছিল, তাতেই সুখ বিচাৰি পাইছিল । কিন্তু নিজৰ সন্তান কথা বহুত বাৰ ভাবিছিল , ভগবানৰ অনিচ্ছা বস্তু এটাতো কেতিয়াও লভিব নোৱাৰি , সেয়েহে দুয়ো সেই পৰিকল্পনা টো সামৰি নিজক বৰ্তমানৰ লগত মিলাই লৈ গৈছিল , কিন্তু আজিৰ পৰিবেশে টো এনেকুৱা আহি পৰিল যে কি কব কেনকৈ পৰিবেশ টো পাতলাব একো শব্দই বিচাৰি পোৱা নাই , কেতিয়াবা কিছুমান পৰিস্থিতিত শব্দ বোৰেও চোন লুকা ভাকু খেলে , ।
: তুমি সুখী নহয় নেকি আমাৰ এই জীৱনটোত
সমীৰে লগে লগেই উত্তৰ দিলে
: মই সঁচাকৈ সুখী , বহুত সুখী । এইবোৰ কথা তোমাক নকওঁ বুলি ভাবিছিলো, তুমি মনত কষ্ট পাবা বুলি কিন্তু তুমি জোৰ কৰা কাৰণে হে ক’লো
চকুলো সামৰি মুখত মিচিকিয়া হাঁহি এটা আঁকি লৈ কৈ উঠিল: ভগৱানে দিয়া প্ৰত্যেক টো বস্তুৱে আজিলৈকে গ্ৰহণ কৰিছো , কিন্তু ভগবানৰ অনিচ্ছা সত্বে তুমি আৰু মইও যাব নোৱাৰো , সন্তান এইবোৰ টো সকলো ভগবানৰ ওপৰত নিৰ্ভৰ , যদি ভগৱানে মিলাই দিয়ে নিশ্চয় এদিন আমিও সেই সুখৰ গৰাকী হৈ পৰিম
সুবালাৰ কথা কেইটাত বহুত বেছি আবেগ লুকাই আছিল সমীৰে বুজি উঠিছিল । মনটো ভাল।লগাবলৈ পুনৰ কৈ উঠিল: এ এইবোৰ বেছি নাভাভিবা , আজিৰ পৰা মইও নাভাবো । আমাৰ লগত আশ্ৰমৰ কন কন লৰা ছোৱালী বোৰ আছে নহয় কথাষাৰে সঁচাকৈ সুবালাৰ মনলৈ প্ৰশান্ত সুখ এটা বিয়পাই আনিছিল , এটা হাঁহিৰে মুৰ ঢপিয়াইছিল, চকুয়েদি বৈ অহা টোপালকেইটা হাতেৰে মচি দিছিল সমীৰে ,
: বলা এতিয়া মোৰ লগত
: কত যাওঁ,
হাতত ধৰি বাহিৰলৈ লৈ গৈ পূৰ্ণিমা আকাশৰ জোনটোলৈ আঙুলিয়াই দেখুৱাইছিল ,
: সৌৱা চোৱা , জোনবাই টোৱে আমাৰ কাহিনী শুনি আছে , আমাৰ ফালে নীৰৱে চাই আছে ।
সেই সময়ত মৃদু বতাহ এজাক পাতলকৈ বলিছিল, জোনবাইৰ পোহৰে জোনাক কৰি তুলিছিল আকাশ খন । সুবালাই সমীৰৰ গাতে পৰি দিছিল , সমীৰে মৰমেৰে সাৱটি ধৰি জোনবাই টোৰ ফালে কিছু সময় চাই থাকিল । সেই সময়তে কৰবাত পৰা নিলাক্ষী বাৰ গীতৰ কলি এটা ভাহি আহিছিল
টোপে টোপে সৰে
ভাল পোৱা বাঢ়ে
মৰম মৰম বৰষুণ
আগলি বতাহে
কিনো সুৰ গুঠিলে
হেঁপাহে নুজুৰে মন
বাৰিষা নদীয়ে
কিনো ঢৌ তুলিলে
তোমালে উঠিছে মন ।।

(তিনিচুকীয়া কাকপথাৰ)
(ফোন নং: ৬০০১০১৮৮৩৮)

Related Articles