●জ্যোতিপ্ৰসাদ বৰা
বিজ্ঞানে ভূত, পিশাচ, প্ৰেতাত্মাৰ অস্তিত্বক স্বীকাৰ নকৰে যদিও এই ধাৰণাটোৱে যুগ যুগ ধৰি মানৱ সমাজক আৱৰি ৰাখিছে । পৃথিৱীৰ প্ৰতিটো কোণৰে সমাজ, সাহিত্যত ভৌতিক গল্প বা কাহিনীয়ে প্ৰাধান্য লভি আহিছে । যিবোৰ লোকসাহিত্যৰো অংশ । কিন্তু শতিকাজোৰা গৱেষণা, অনুসন্ধানৰ অন্ততো বিজ্ঞানীসকলে ইয়াৰ সুনিৰ্দিষ্ট প্ৰামাণিক তথ্য লাভ কৰা নাই বা অস্তিত্ব শূন্য বুলিও পৃথিৱীৰ জনসমূহক পতিয়ন নিয়াব পৰা নাই । সেয়ে ইয়াক বিশ্বব্ৰহ্মাণ্ডৰে এক ৰহস্য বুলি অভিহিত কৰিব পাৰি । যাক লালন-পালন কৰি ৰাখিছে কৌতুহল আৰু সীমাহীন উৎকণ্ঠাই । বিজ্ঞান-প্ৰযুক্তিৰ বিস্তীৰ্ণ চিকুণ পথাৰখনৰ সোঁমাজত থকা কল্পনা আৰু বিশ্বাসৰ আলিয়েদি গমনা-গমন কৰি থকা এই কাহিনীবোৰৰ প্ৰতি মানুহৰ আকৰ্ষণো বেছি । সেয়ে ভয়াৰ্ত পৰিৱেশৰ মাজেৰেই আজিও আৰম্ভ হয় ছিনেমাৰ কাহিনী, ই হৈ আহিছে উপন্যাস বা গল্পৰ পটভূমি । ইয়াৰ মাজতে এক সঁচা পৰিঘটনাকে অলপ ভৌতিক ৰহণ সানি নগাঁৱৰ জ্যেষ্ঠ নাট্যশিল্পী জয়ন্ত কুমাৰ বৰাই কলংপৰীয়া সকললৈ আগবঢ়াই দিলে তেওঁৰ নৱতম নাট ‘ৱাশ্বিং মেচিন’ । লক্ষ্মী পূৰ্ণিমাৰ প্ৰাক্ সন্ধ্যা ঐতিহাসিক নগাঁও নাট্য মন্দিৰত মঞ্চস্থ হয় তেওঁৰ এই পূৰ্ণাংগ নাটখনি । নাট্যকাৰে নিজেই পৰিচালনা কৰা নাটখন হাস্যৰসেৰে পৰিপূৰ্ণ যদিও ইয়াত অন্তৰ্ভূক্ত কৰা হৈছে সমাজ পোহৰোৱাৰ ভিন ভিন চিন্তা । নাটকৰ দৃশ্যই দৃশ্যই মূৰ্তমান হৈ উঠিছে সেই বাৰ্তা । সাতখনকৈ মননশীল নাটৰ স্ৰষ্টা জয়ন্ত কুমাৰ বৰাৰ ‘দেৱযানী’ আৰু ‘বৰ্বৰীক’ নামৰ পৌৰাণিক নাট দুখন নগাঁও জিলা পুথিভঁৰালত শেহতীয়াকৈ মঞ্চস্থ হৈ যোৱাৰ পাছত মাত্ৰ ছমাহৰ ব্যৱধানতে মঞ্চস্থ হ’ল ‘ৱাশ্বিং মেচিন’ নামৰ তেওঁৰ এই নতুন নাটখন । ‘নগাঁও নাট্য সমিতি’ৰ উদ্যোগত মঞ্চস্থ হোৱা এই নাটখন হৈছে অন্ধবিশ্বাস আৰু মানসিক অস্থিৰতাৰ এক সাৱলীল ব্যাখ্যা । শেষ পৰ্যায়লৈ সন্তৰ্পনে ঘূৰাই আনিছে চেতনা । নাটকীয় আবেষ্টনীত মঞ্চ জ্যামিতিৰ সফল প্ৰয়োগেৰে অংকণ কৰা হৈছে যুক্তি আৰু প্ৰগতিৰ ছবি । আটোমটোকাৰিকৈ সিঁচি দিয়া হৈছে অনুশোচনা আৰু উপলদ্ধিৰ জিলিঙণি । দুই-এক চৰিত্ৰই সংলাপ নিক্ষেপনত উজুতি খাইছে যদিও পৰিপক্ক অভিনয় শিল্পীসকলৰ অনবদ্য অভিনয়ে স্তিমিত হ’বলৈ নিদিলে নাটকৰ গতি । অভিনয়জ্যোতিৰে মঞ্চ সমৃদ্ধ কৰা নাট্যযোদ্ধা সকল হৈছে মৌচম বৰা, ময়ূৰী গোস্বামী, সুপ্ৰিয়া শৰ্মা, ময়ূৰ ফুকন, গৌতম বৰা, ঈশান বৰুৱা, সোণমণি বেজবৰুৱা, সুমন কাশ্যপ, নিলোৎপল বৰা, বাপধন মহন্ত, বিদ্যাকান্ত শৰ্মা, দিলীপ শিৰোমণি লস্কৰ, ভৱজিৎ কুমাৰ শইকীয়া, মুকুল প্ৰসাদ বৰঠাকুৰ, মুক্তি বৰা, গগন চৌধুৰী আৰু মিনাক্ষি হাজৰিকা । নব্বৈ মিনিটৰ নাটখনৰ পোহৰ নিক্ষেপনত গৌতম শইকীয়া আৰু ৰূপসজ্জাৰ ক্ষেত্ৰত প্ৰকাশ বৰাই দক্ষতাৰ পৰিচয় দাঙি ধৰিছে । কিন্তু ১৯ টাকৈ চৰিত্ৰসম্পন্ন নাটখনৰ সংগীত আৰু শব্দ নিয়ন্ত্ৰণ মসৃণ নহ’ল । তথাপিও সন্মিলিত প্ৰচেষ্টাত শাৰদী সন্ধ্যাটোত উজ্বলি উঠিল জয়ন্ত কুমাৰ বৰাৰ নাটখনি । জুবিন গাৰ্গৰ মৃত্যুৰে পৰা হাঁহিবলৈ পাহৰা সমাজখনৰ এটা ক্ষুদ্ৰ অংশত উঠিল হাঁহিৰ খলকনি । জুবিনৰ ন্যায়ৰ আৱেগ-অনুভূতিত জৰ্জৰিত সকলৰ বাবে যেন আছিল এয়া এক ক্ষণিকৰ জিৰণি । অন্যতম কেন্দ্ৰীয় চৰিত্ৰ পদুমৰ ঘৰৰ পৰিৱেশতেই আৰম্ভ হোৱা নাটখন সফলতাৰে সামৰণি পৰিছে একেই ঘৰুৱা পৰিৱেশতেই । এটা ছেটতেই সৰলৰৈখিকভাৱে নাটখন সম্পূৰ্ণ হৈছে যদিও ইয়াত আকৌ সংস্কাৰ আৰু যুক্তিক ভিন ভিন ৰূপেৰে উজ্বলাই তোলা হৈছে । সংলাপ আৰু চৰিত্ৰৰ যথাযথ প্ৰয়োগেৰে নাট্যৰচকে সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ কেৰোণ, স্বাৰ্থান্বেষী আৰু মুনাফালোভীৰ অবাধ বিচৰণ, টি আৰ পিৰ দৌৰত উটি-ভাঁহি থকা একাংশ সংবাদ মাধ্যমৰ তৰল চিন্তা, মুখাধাৰী সমাজ ৰক্ষকৰ নিকৃষ্ট অভিসন্ধিক মুকলিকৈ তুলা-ধূনা দিয়া পৰিলক্ষিত হৈছে । এক কথাত ক’বলৈ গ’লে জয়ন্ত কুমাৰ বৰাৰ ‘ৱাশ্বিং মেচিন’ হৈছে সমাজ পোহৰোৱাৰ এগছি বন্তি । ইয়াত হাস্যৰসৰ মাজেৰেই বিলোৱা হৈছে জ্ঞানৰ শক্তি । ৰুধিব বিচৰা হৈছে সুবিধাবাদীৰ দুৰ্বাৰ গতি ।