জন্মান্তৰবাদত অমৃতকণ্ঠ

কুমাৰ বিভূতি

অসমীয়া মানুহৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পাছত বিশ্বৰ ইতিহাসত অভিলেখ সংখ্যক জনতা শোকাহত হোৱাৰ দৃশ্য অনন্ত কাললৈ যেন কাৰো মনৰ পৰা নাযাব। এক ৰহস্যময় ঘটনাৰে জীৱন নাটৰ অৱসান ঘটা অমৃতকণ্ঠ জুবিনদাৰ এই খবৰৰ পাছত সামাজিক মাধ্যমত প্ৰায়ে চৰ্চিত হৈছে পুনৰ্জন্মৰ প্ৰসংগ‌ই। গীতেৰে, সুৰেৰে, কণ্ঠৰে, আৱেগেৰে, বিবেকেৰে প্ৰায় চাৰিটা দশক অসমীয়া মানুহৰ মন মগজুক আন্দোলিত কৰি যোৱা জুবিন দাৰ মৃত্যুক যেন সহজভাৱে ল’ব খোজা নাই কোনেও। এই মহান কণ্ঠৰ বিয়োগে ভাগ ভাগ হোৱা অসমীয়া জাতিক ধৰ্ম,বৰ্ণ, জাতিৰ গোড়ামী ভাঙি এক কৰি যোৱাৰ পাছত সকলোকে যেন ব্যথিত কৰি তুলিছে আৰু তেওঁক যেন শ্মশানৰ পৰাও জগাই আনি আকৌ অসমীয়া সংগীতক, অসমীয়া সমাজ জীৱনক সমৃদ্ধ কৰাৰ বাবে আহ্বান জনাব , তেনে এক পৰিবেশৰ সৃষ্টি হৈছে। সকলোৱে বিচাৰিছে জুবিনদাৰ মৃত্যুৰ উচিত তদন্ত । সামাজিক মাধ্যমত প্ৰায় সকলোৱেই লিখা এশাৰী বাক্য justice for zubeen garg. এনে আৱেগময় পৰিবেশত চৰ্চিত বিভিন্ন প্ৰসংগৰ সমান্তৰালকৈ আমাৰ মনলৈ অহা বিষয়টো হৈছে আকৌ জনম লৈ আমাৰ মাজলৈ ঘূৰি আহিবনেকি মৰমৰ জুবিন গাৰ্গ! চিংগাপুৰলৈ যোৱা কেইদিনমান পূৰ্বে প্ৰখ্যাত সাহিত্যিক ৰীতা চৌধুৰী বাইদেউৰ লগত হোৱা শেষ সাক্ষাৎকাৰটোত জুবিনদাই কৈ গৈছে যে ” মই পুনৰ জন্মত আকৌ জুবিন গাৰ্গ হ’ব বিচাৰোঁ। More than that সকলো মানুহেই অকলশৰীয়া , ময়ো অকলশৰীয়া।” জুবিনদাৰ এই বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ মনলৈও নানান কথা আহিছে। পুনৰ জনমৰ লোকবিশ্বাস অকল হিন্দু শাস্ত্ৰসমূহতেই আছেনে? বৌদ্ধ, খ্ৰীষ্টান, জৈন আদি ধৰ্মতো পুনৰ জন্মৰ প্ৰসংগৰ প্ৰাসংগিকতা আছে যেন ধাৰণা হয়। হিন্দু ধৰ্মত পুনৰ্জন্মৰ সম্পৰ্কত বিভিন্ন কথা কাহিনী পোৱা যায়। তাৰ ভিতৰত মাথোঁ দুটা উদাহৰণ স্বৰূপে উল্লেখ কৰিব বিচাৰিছোঁ। গীতাত কৃষ্ণ আৰু অৰ্জুনৰ পুৰ্বজন্মৰ পৰিচয় সম্পৰ্কে উল্লেখ আছে। পুৰ্বজন্মত অৰ্জুন নৰ আৰু কৃষ্ণ নাৰায়ণ আছিল। দম্ভোদ্ভৱা (পুনৰ জন্মত কৰ্ণ) নামৰ অসুৰক বধ কৰিবৰ বাবেই নৰ আৰু নাৰায়ণে পুনৰ জন্মগ্ৰহণ কৰে। আনহাতে পুৰাণ অনুযায়ী পুৰ্বজন্মত একলব্য আছিল দ্ৰৌপদীৰ ভ্ৰাতৃ ধৃষ্টদ্যুম্ন। একলব্যই দ্ৰোণাচাৰ্যক গুৰু মানি লুকাই লুকাই শিক্ষাগ্ৰহণ কৰিছিল। দ্ৰোণাচাৰ্য‌ই অনীতিৰে সোঁ হাতৰ বুঢ়া আঙুলিটো গুৰু দক্ষিণা হিচাপে বিচাৰি একলব‌্যক নিঃশেষ কৰিব বিচাৰিছিল যদিও বাওঁ হাতেৰে সুন্দৰকৈ ধনু চলাব পাৰিছিল। অৱশ্যে কৃষ্ণৰ হাতত মৃত্যুবৰণ কৰা একলব্যক পুনৰ্জন্মত ধৃষ্টদ্যুম্ন ৰূপত জন্মগ্ৰহণ কৰি দ্ৰোণাচাৰ্যৰ ওপৰত প্ৰতিশোধ লবলৈ আশীৰ্বাদ দিছিল।
সঁচাকৈয়ে পুনৰ জনম হ’ব নেকি জুবিনদাৰ? চৰ্চাত আছে জুবিনদাৰ হাতত থকা সেই বিশেষ আঙুঠিটো। জুবিন দাৰ হাতৰ আঙুঠিটো চৈধ্য শতিকাৰ ইজিপ্তৰ পৰাক্রমী সম্ৰাট ফাৰাও টুটেনখামেনৰ মুখাবয়ৱ। আঙুঠিটোৰ ওজন ৯ গ্রাম। টুটেনখামেনৰ মুখাবয়ৱৰ আঙুঠিটো পূর্ণজন্ম আৰু আত্মবিশ্বাসৰ প্রতীক । Egyptian Mythology ৰ মতে টুটেনখামনৰ জীৱনৰ ওপৰত ভিত্তি কৰিয়েই হলিউডৰ বিখ্যাত দ্যা মামী চিনেমাখন বনাইছিল। টুটেনখামনৰ জন্ম ১৩৪১ খ্ৰীষ্টাব্দত হৈছিল (১+৩+৪+১=৯) ।টুটেনখামন মাত্র ৯ বছৰ বয়সতে সম্রাট হৈছিল আৰু মাত্র ১৮ নে ১৯ বছৰ বয়সত শক্রুয়ে হত্যা কৰিছিল যিটো এতিয়াও ৰহস্যজনক। কিছুমান তথ্য মতে খাদ্যত বিষ মিহলাই হত্যা কৰিছিল , কিছুমানৰ মতে মেলেৰিয়া নতুবা বিষাক্ত কীটৰ দংশন নতুবা হাড়ৰ ৰোগত তেওঁৰ মৃত্যু হৈছিল ! তেওঁৰ কোনো সন্তান নাছিল। ফলত সেই বংশ তেওঁৰ মৃত্যুতেই শেষ হৈ গৈছিল। তেওঁৰ ৰাজত্ব কালত তেওঁক সূৰ্য্যৰ পুত্র বুলি কোৱা হৈছিল।ইজিপ্তত সোণ আৱিষ্কাৰ সেই সময়তে হৈছিল। সেই সোণৰ বাবেই শত্রুৱে প্রথমে পিতৃক পিছত টুটেনখামনক হত্যা কৰিছিল। তেওঁৰ মৃতদেহ মামীকৃত কৰা হৈছিল। তেওঁৰ কবৰত বিভিন্ন সোণৰ সামগ্রী তথা ৰত্নৰ ভাণ্ডাৰ পোৱা গৈছে খননৰ সময়ত। টুটেনখামনে শাও দিছিল যে যিয়ে তেওঁৰ ৰত্নভাণ্ডাৰত হাত দিব তেওঁৰ অচিন কাৰণত মৃত্যু হব। সেই অভিশপ্ত কবৰ খান্দিবলৈ যি শ্রমিক নিয়োজিত হৈছিল বেছিভাগৰে অচিন ৰোগত মৃত্যু হৈছিল।প্রচলিত ধাৰণা মতে এয়া অভিশাপ চিৰকালৰ। ইজিপ্তৰ মিউজিয়ামত এনে কিছুমান স্বর্ণ সামগ্রী সংৰক্ষিত কৰা হৈছে বুলি জানিব পৰা গৈছে।
এতিয়া আহোঁ ৯ সংখ্যাটোলৈ। ৯ সংখ্যাটোৰ তাৎপৰ্য‌ই আমাৰ মনত নানান কথা ভবাই তুলিছে। ৯ এনেকুৱা এটা সংখ্যা যে হিন্দু শাস্ত্ৰসমূহত ৯ ৰ গুৰুত্ব মন কৰিবলগীয়া। আধ্যাত্মিক দিশলৈ যোৱাৰ পূৰ্বে জুবিনদাৰ জীৱন কালত ৯ ৰ ভুমিকালৈ প্ৰথমে মন কৰোঁ আহক। জুবিনদাই পিন্ধা আঙুঠিটোৰ ওজন ৯ গ্ৰাম, গাড়ীৰ নম্বৰ ৯৯৯৯, জন্মদিন ১৮ তাৰিখ ( যিটো ৯ ৰ গুণিতক), মৃত্যুৰ মাহ ছেপ্তেম্বৰ ( মাহৰ হিচাপত নৱম মাহ), মৃত্যুৰ বৰ্ষ ২০২৫ ( ২+০+২+৫=৯), মৃত্যুৰ তাৰিখ ১৯( য’ত ৯ যুক্ত হৈছে), মুখাগ্নিৰ সময় ১২:২৪ = ১+২+২+৪ = ৯ ইত্যাদি. গণিতত ৯ ৰ এক বিশেষ স্থান আছে। ৯ ৰ সকলো গুণিতকৰ অংকবোৰৰ যোগফল হয় ৯, নহয় ৯ ৰ গুণিতক হয়। সেই কাৰণে ৯ ৰ মহত্ব কিছু সুকীয়া বুলি গণ্য কৰা হয়। এতিয়া ধৰ্মশাস্ত্ৰসমূহলৈ মন কৰিলেও ৯ ৰ গুৰুত্ব অপৰিসীম দেখা যায়। শ্ৰীমদ্ভাগৱত পুৰাণ আৰু আন আন ভক্তি শাস্ত্ৰত উল্লেখ আছে ন বিধ ভক্তিৰ কথা। এই নৱবিধা ভক্তি হৈছে-শ্ৰৱণ, কীৰ্তন ,অৰ্চন, বন্দন, স্মৰণ, পাদসেৱন, দাস্য, সখীত্ব আৰু আত্মনিৱেদন। এই ন বিধ ভক্তিৰ মহিমা অপাৰ। আনহাতে আকৌ সাহিত্যত সংযোগ ঘটিছে নৱ ৰসৰ। সেই নৱৰস হৈছে শৃংগাৰ, হাস্য, কৰুণ, ৰৌদ্ৰ, বীৰ, ভয়ানক, বীভৎস, অদ্ভূত আৰু শান্ত। আকৌ হিন্দুসকলৰ এক অন্যতম পৱিত্ৰ উৎসৱ হৈছে নৱৰাত্ৰি। য’ত নটা দিন আৰু নটা নিশা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ ভিন্ন ৰূপক উপাসনা কৰা হয়। নৱৰাত্ৰিৰ গুৰুত্ব‌ও মন কৰিবলগীয়া। কৃষ্ণগীতাত আছে যিটো আত্মজ্ঞানী/সবে মিছা জানি/শৰীৰে নগৰ তাৰ। একে দুৱাৰক/নিবোধ নাযায়/যাৰ নৱখান দ্বাৰ॥ নৱ দ্বাৰে আতি/থাকি কৰে জ্যোতি/মোৰ দেহ নহে মানে। যাৰ শৰীৰত/অভিমান নাই/মুক্ত হোৱে সিটোজনে॥৩৪২(কৃষ্ণ গীতা) এই ন খন দুৱাৰৰ ভিতৰত দুটা চকু, দুখন কাণ, দুটা নাকৰ ফুটা, নাভি, মূত্ৰাদ্বাৰ আৰু মলদ্বাৰ অন্যতম। আনহাতে ন বিধ ৰত্নৰ কথাও উল্লেখ আছে। মুকুতা, মাণিক, বৈদুর্য, গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন। এই সকলো কথালৈ লক্ষ্য কৰিলে জুবিনদাৰ মৃত্যু একপ্ৰকাৰৰ আশ্চৰ্যকৰ যেন লাগে। ৯ ৰ লগত সংযুক্ত হৈ থকা জুবিনদাৰ জীৱন পৰিক্ৰমাত মানুহৰ মনত পুনৰ জন্মৰ প্ৰসংগ‌ই ঠাই পোৱাতো স্বাভাৱিক হৈ পৰিছে। তাতোকৈ ডাঙৰ কথা এজন মানুহৰ মৃত্যুত একেখিনি সময়তে মন্দিৰ মছজিদ সত্ৰ নামঘৰ তিনিআলি চাৰিআলিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত নিঃস্বাৰ্থভাৱে অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়তো এয়ে প্ৰথম দেখিলোঁ। মানুহক ভালপোৱা, জীৱকুলক ভালপোৱা জুবিনদাৰ জীৱন পৰিক্ৰমা সঁচাকৈয়ে আনতকৈ পৃথক।প্ৰসংগক্ৰমে আন এক বিষয়লৈও মনে গতি কৰিছে। জন্ম, মৃত্যু, বিবাহ যিহেতু জীৱনৰ এক অজ্ঞাত বিষয়। গতিকে এই জন্ম, মৃত্যুৰ ইপাৰ আৰু সিপাৰৰ কথাবোৰেও আমাক বিভিন্ন ধৰণে ক্ৰিয়া কৰে। আমি যদি পোহৰৰ বিপৰীতে আন্ধাৰ, আন্ধাৰৰ বিপৰীতে পোহৰ, সুখৰ বিপৰীতে দুখ, দুখৰ বিপৰীতে সুখৰ অস্তিত্ব স্বীকাৰ কৰিব খোজো তেন্তে জন্মৰ বিপৰীতে মৃত্যু অথবা মৃত্যুৰ বিপৰীতে জন্মৰ ধাৰণাকো মানি ল’ব পৰা যায়। মহাভাৰতৰ ভীষ্ম যেতিয়া শৰশয্যাত আছিল তেতিয়া শ্ৰীকৃষ্ণ‌ই পিতামহৰ লগত হোৱা কথোপকথনত উত্তৰায়ন কাললৈ অপেক্ষা কৰাৰ কথা জানিব পাৰি। ধৰ্মীয় দৃষ্টিভঙ্গীৰে উত্তৰায়ন কালত মৃত্যু হোৱা জীৱ‌ই মোক্ষপ্ৰাপ্তি লাভ কৰে বুলি বিশ্বাস। আনহাতে যেতিয়া সূৰ্যৰ দক্ষিণায়নত কাৰোবাৰ দেহাৱসান হয়, তেওঁৰ পুনৰ জন্ম হয়। কিন্তু জনমৰ সময় হয়তো হাজাৰ বছৰো হ’ব পাৰে বা মৃত্যুৰ লগে লগেও হ’ব পাৰে। ই নিৰ্ভৰ কৰে জীৱৰ কৰ্মৰ ওপৰত। যদি কোনোৱে জীৱন কালত আন জীৱক মৰম দিছে, কাকো হিংসাৰ চকুৰে চোৱা নাই অথবা যদি তেওঁৰ মৃত্যুয়ে গৰিষ্ঠসংখ্যক লোকক শোকবিহ্বল কৰিছে তেন্তে তেওঁ অতি সোনকালেই জনম লোৱাটো সম্ভৱ। ভাগৱত গীতা আৰু গৰুড় পুৰাণতো পুনৰ জনমৰ কথাও উল্লেখ আছে বুলি কোনো কোনোৱে ক’ব খোজে।জুবিনদাৰ দেহাৱসান হৈছে সূৰ্যৰ দক্ষিণায়নত। দক্ষিণায়ন হৈছে গ্ৰীষ্মকালীন সময়ৰ পৰা শীতকালৰ আগমণৰ এই সময়ত সূৰ্য্যৰ দক্ষিণ দিশলৈ যোৱা যাত্ৰা। হিন্দু জ্যোতিৰ্বিজ্ঞানৰ ধাৰণা মতে যিটো বৰ্তমান চলি আছে। জুবিনদাৰ মৃত্যুত অসমৰ সকলো জনতাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ‌ই বেদনাক্ৰান্ত হৈ পৰিছে। জুবিন দাই নিজেও কামনা কৰিছিল পুনৰ জনম। আৰু দেশৰ কোটি কোটি জনতাইয়ো বিচাৰিছে সংগীতৰ ভগৱানৰূপী জুবিন দাৰ পুনৰ জনম। চৌপাশে মানুহে গিজগিজাই থকাৰ পাছতো অকলশৰীয়া অনুভৱ কৰা জুবিনদাই তেওঁক লৈ কৰা ষড়যন্ত্ৰৰ উমান পাইছিল চাগৈ। সেয়ে তেওঁ আকৌ আহিম বুলি সজোৰে ঘোষণা কৰিছিল। অসম আৰু অসমীয়াক মনে প্ৰাণে ভালপোৱা জুবিনদাই বাৰে বাৰে কৈছিল ৰজাই কেতিয়াও দেশ এৰি নাযায়। ভাৰতৰ একমাত্ৰ পুৰুষ নদী ব্ৰহ্মপুত্ৰৰ বুকুত মৃত্যুৰ পাছত উটুৱাই দিবলৈ আহ্বান জনোৱা জুবিন দাই শৰতৰ বতৰতে ৰহস্যময় মৃত্যুক সাৱটি ল’লেও আকৌ যেন উভতি আহিব পুনৰ জনম লৈ , তেনে অনুভৱেৰে সিক্ত প্ৰতিগৰাকী অসমীয়াৰ হৃদয়। যিহেতু ধৰ্ম অবিহনে বিজ্ঞান অথবা বিজ্ঞান অবিহনে ধৰ্ম অসম্ভৱ , গতিকে এই সকলো কথাই এক কাকতালীয় সংযোগেৰে মনলৈ বাৰে বাৰে আহিছে জুবিনদাৰ বাৰু সঁচাকৈয়ে পুনৰ জনম হ’ব নেকি?

কুমাৰ বিভূতি
গাওঁ /ডাকঃ তুলসীমুখ
জিলাঃ নগাঁও (অসম)
ম’বাইলঃ ৯৪০১৭২৩৯৬৬

Related Articles