সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত নগাঁৱত সখী সকলৰ মাজত স্কুটি বিতৰণ

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ “সখী এক্সপ্ৰেছ” আঁচনিৰ অধীনত নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ সখী সকলৰ স্কুটি বিতৰণ আৰু মত বিনিময় অনুষ্ঠানটি ১৭ অক্টোবৰত অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত  বেংক সখী, বীমা সখী, জীৱিকা সখী, কৃষি সখী, পশু সখী, ডি.জি.পে. সখী, Sanjog Sakhi মুঠ ৯৫ গৰাকী সখীক আনুষ্ঠানিক ভাৱে স্কুটি বিতৰণ কৰে নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

প্ৰয়াত মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়াই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়াই ।উল্লেখযোগ্য যে, গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত অৰ্থনৈতিক সবলীকৰণৰ বাৰ্তা প্ৰচাৰৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে এই সখী সকলক নিয়োজিত কৰিছে । আত্মসহায়ক গোটসমূহৰ কাম-কাজত গতিশীলতা আনি গ্ৰামোন্নয়ন আৰু মহিলাসকলক আৰ্থিক ভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এই অভিলাষী পদক্ষেপে নিশ্চয়কৈ আগন্তুক দিনত অসমখনক এক নতুন গতিশীলতা প্ৰদান কৰিব। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক গৰাকীয়ে উল্লেখ কৰে যে, অসমৰ অৰ্থনৈতিক উন্নতিৰ মূল ভূমিকা গ্ৰহণ কৰে গ্ৰাম্যাঞ্চলত বসতি কৰা লোকসকলে নিজৰ কৰ্মৰ দ্বাৰা ।তেওঁলোকৰ নিজ নিজ কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত আৰু মহিলা সকলক অৰ্থনৈতিক ভাৱে সৱলীকৰণ হোৱাত এই গ্ৰামীণ জীৱিকা সখীসকলে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । তেওঁলোকৰ কৰ্মদক্ষতা আৰু মনোবল বৃদ্ধিৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰে এই বিভিন্ন সখীসকলক  স্কুটি প্ৰদানৰ দৰে এক অভিলাসী আঁচনি গ্ৰহণ কৰিছে ।

ইয়াৰ বাবে বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে । বিধায়ক গৰাকীয়ে সখী সকলক তেওঁলোকৰ স্কুটি খনৰ সদব্যৱহাৰ কৰাৰ লগতে হেলমেট পৰিধান কৰিবলৈ আৰু যিসকল সখীৰ বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ নাই,সেইসকলক বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে । অনুষ্ঠানত DDUKK ত প্ৰশিক্ষণ গ্ৰহণ কৰি কৰ্মসংস্থাপন লাভ কৰা বহুকেইগৰাকী প্ৰশিক্ষাৰ্থীক একোখন প্ৰমানপত্ৰ আৰু এটি নাহৰ গছৰ পুলিৰে সম্বৰ্ধনা জনোৱা হয় ।এই স্কুটি বিতৰণ অনুষ্ঠানটিত নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, খাগৰিজান উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰানা বৰা, খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া  কৃষ্ণ কান্ত শইকীয়া, অসম ৰাজ্যিক জীৱিকা অভিযানৰ বিষয়া-কৰ্মচাৰী সকল, পঞ্চায়তৰ প্ৰতিনিধিসকলকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ সখীসকল আৰু স্থানীয় বিশিষ্ট ব‍্যক্তিসকল উপস্থিত থাকে।

Related Articles