শুশ্ৰূষা সেতুৰ অধীনত কুঁৱৰীটোল গান্ধী খেলপথাৰত সমষ্টি ভিত্তিত স্বাস্থ্য শিবিৰ

ডিজিটেল সেৱা, কলিয়াবৰ: অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী  অশোক সিংহলৰ সুদক্ষ তত্বাৱধানত ৰাজ্যজুৰি আৰম্ভ হোৱা অভিলাষী আঁচনি -“শুশ্ৰূষা সেতু, ২০২৫”ৰ অংশস্বৰূপে,১৭ অক্টোবৰত কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুঁৱৰীটোলস্থিত গান্ধী খেলপথাৰত এক বিশাল “মেগা স্বাস্থ্য শিবিৰ”ৰ আয়োজন কৰা হয়। এই মেগা স্বাস্থ্য মেলাৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ০-১৮ বছৰ বয়সৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰা। বিশেষকৈ বিভিন্ন স্বাস্থ্যজনিত জটিলতাত ভুগি থকা শিশুসকলক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা জীৱনদায়িনী চিকিৎসা সেৱা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আগবঢ়োৱা। 

বিশেষকৈ বিভিন্ন স্বাস্থ্যজনিত জটিলতাত ভুগি থকা শিশু আৰু কিশোৰ কিশোৰী সকলক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা জীৱনদায়িনী চিকিৎসা সেৱা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আগবঢ়োৱা। আজি এই মেগা স্বাস্থ্য শিবিৰৰ জৰিয়তে অঞ্চলটোৰ ২০ সংখ্যক গাঁও পঞ্চায়তৰ বহু সংখ্যক শিশু-কিশোৰক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হয়। বৃক্ক, চকু, নাক-কাণ-ডিঙিৰ লগতে বিভিন্ন বংশানুক্ৰমিক ৰোগকে ধৰি ৫০ বিধতকৈও অধিক ৰোগৰ বিনামূলীয়া নিৰ্ণায়ক পৰীক্ষা সম্পন্ন কৰা হয় ।

ইয়াৰ লগতে,ৰোগীসকলক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া পৰামৰ্শ, চিকিৎসা আৰু ঔষধ বিতৰণ কৰা হয়। ইয়াৰ লগতে ৰোগীসকলৰ বাবে বিনামূলীয়া পুনৰীক্ষণৰ সুবিধা ৰখাৰ উপৰিও, প্ৰয়োজন সাপেক্ষে উন্নত চিকিৎসাৰ বাবে বিশেষ সা-সুবিধাযুক্ত চিকিৎসালয়লৈ প্ৰেৰণৰো সুব্যৱস্থা কৰা হয়। চিকিৎসা সেৱাৰ সমান্তৰালভাৱে, শিশু-কিশোৰসকলৰ সামগ্ৰিক শাৰীৰিক সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্যকলাপৰো আয়োজন কৰা হয়।

এই স্বাস্থ্য পৰীক্ষা শিবিৰত , অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মন্ত্ৰী কেশৱ মহন্ত, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, কলিয়াবৰ সম জিলাৰ সম আয়ুক্ত, ৰাজ বৰুৱা, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক অনিৰ্বাণ বৰঠাকুৰকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ চিকিৎসকৰ লগতে বিশেষজ্ঞ চিকিৎসক সকল, স্বাস্থ্য বিভাগৰ বিভাগীয় কৰ্মচাৰী, স্বাস্থ্য কৰ্মী, সমাজকৰ্মীৰ লগতে গৰিষ্ঠসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। এই স্বাস্থ্য শিবিৰত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ৪২৩৬গৰাকী শিশুৰ পঞ্জীয়ন কৰাৰ লগতে  ২৮৬ গৰাকী ১৮ বছৰ তলৰ শিশু, কিশোৰ -কিশোৰীক বিশেষ সা-সুবিধা থকা চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰ সু-ব্যৱস্থা কৰা হয়।

Related Articles