জুবিন গাৰ্গৰ মৃত্যুৰ বিকৃত ভিডিঅ’ শ্বেয়াৰ কৰি আৰক্ষীৰ জালত ইনজামুল

ডিজিটেল সেৱা, নগাঁও: জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত বিতৰ্কিত ভিডিঅ’ প্ৰস্তুত কৰি আৰক্ষীৰ জালত পৰিল নগাঁৱৰ এজন যুৱক । যুৱকজনৰ নাম ইনজামুল হক নগাঁও জিলাৰ জুৰীয়াত ঘৰ ।আৰক্ষীয়ে জনোৱা মতে সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত উত্তেজনা বিয়পাব পৰা এটা ভিডিঅ’ প্ৰস্তুত কৰি নিজৰ ফেচবুক পেজত আপলোড কৰিছিল ইনজামুল হকে । এছ কে আহমেদ নামৰ ফেচবুক পেজত জুবিন গাৰ্গৰ মৃত্যুৰ এক চাঞ্চল্যকৰ ভিডিঅ’ প্ৰস্তুত কৰি আপলোড কৰা ইনজামুল হকে ফেচবুক পেজৰ অনুৰাগী বৃদ্ধি কৰাৰ লগতে সমাজত অশান্তি বিয়পোৱাৰ অপচেষ্টা চলোৱা বুলি নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে ।বিকৃত ভিডিঅ’ৰ জৰিয়তে সমাজত অশান্তি বিয়পোৱাৰ অভিযোগত ইনজামুল হকৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত ২৫৭/২০২৫ৰ নম্বৰত ৩৫২/৩৫৩(১)(b) ধাৰাত গোচৰ ৰুজু কৰা হৈছে । জুৰীয়াৰ তেলিয়া বেবেজীয়াৰ ইনজামুল হক নামৰ যুৱকজনক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰি জেৰা কৰাত ভিডিঅ’ বিকৃত কৰাৰ কথাও স্বীকাৰ কৰিছে । স্বপ্ননীল ডেকাই কয়, “সামাজিক মাধ্যমৰ ওপৰত দৃষ্টি ৰখা হৈছে । এনেকুৱা ভুৱা প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলো পক্ষকে আহ্বান জনাইছোঁ ।”ফেচবুকৰ জৰিয়তে অশান্তি বিয়পোৱাৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ইনজামুল হকক সন্ধিয়া নগাঁও আদালতত হাজিৰ কৰি ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰে যদিও আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

Related Articles