ডিজিটেল সেৱা, নগাঁও : অসমৰ জনদৰদী শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি সমগ্ৰ ৰাজ্যত বিভিন্ন দল ,সংগঠন আৰু ৰাইজে দাবী জনাই আহিছে। অসমৰ অন্যতম শক্তিশালী সংগঠন অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজি এই আন্দোলনৰ অংশ হিচাপে অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁও চহৰৰ প্ৰণৱ বৰুৱা শিশু উদ্যানৰ সন্মুখত জুবিন গাৰ্গৰ ন্যায় বিচাৰি অনশন কাৰ্যসূচী ৰূপায়ন কৰে। অনশন কাৰী সকলে শীঘ্ৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিবলৈ চৰকাৰক দাবী জনায়। অন্যথা পৰিষদে ইয়াতকৈও শক্তিশালী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে। আজিৰ এই কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক গীতাৰ্থ শইকীয়া , সাংগঠনিক সম্পাদক দীপমণি বড়া ,নগাঁও জিলা সমিতিৰ সভাপতি প্ৰৱাল শৰ্মা ,সাধাৰণ সম্পাদক হেমন্ত দাসকে ধৰি পৰিষদৰ আন বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে।
নগাঁৱত জুবিন গাৰ্গৰ ন্যায় বিচাৰি যুৱ-ছাত্ৰ পৰিষদৰ অনশন