বাইকাৰ্ছ অফ আসামৰ উদ্যোগত শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ডিজিটেল সেৱা: মহিলা আৰু শিশু কল্যান বিভাগ, নগাঁৱৰ আমোলাপট্টী স্থিত ৰাজ্যিক নাৰী আৰু শিশু গৃহৰ প্ৰেক্ষাগৃহত বাইকাৰ্ছ অফ আসামৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসন, মটৰহেড উইনাইটেড অসম, আৰু মটৰচাইকেল এছচিয়েচন নগাঁৱৰ সহযোগত সদ্য প্ৰয়াত মহান শিল্পী, সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত ১৯ অক্টোবৰত এখনি গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়।এই সভাত অংশগ্ৰহণৰ বাবে গুৱাহাটীৰ পৰা অহা বাইকাৰ্ছসকলক নগাঁৱৰ বৰঘাটত ফ্লেগ অফ কৰি নগাঁও চহৰলৈ আদৰণি জনাই জিলা আয়ুক্ত দেৱশীষ শর্মাই। সভাৰ আৰম্ভণিতে প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে তেখেতৰ পূণ্য আত্মাৰ চিৰশান্তিৰ বাবে মৌন প্ৰাৰ্থনা জনোৱা হয় । উক্ত সভাত আদৰণি ভাষণ প্ৰদান কৰে জিলা অতিৰিক্ত আয়ুক্ত  সুদীপ নাথে ।

সভাত  ৰাজ্যিক গৃহৰ শিশু-কিশোৰীসকলে প্ৰয়াত জুবিন গাৰ্গ দেৱৰ অমৰ সৃষ্টি মায়াবিনী গীতটি পৰিবেশন কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । প্ৰয়াত গণ শিল্পীগৰাকীৰ “সকলোৱে সকলোৰ বাবে” দৰে মহান মনোভাৱক সন্মান জনাই বাইকাৰ্ছ অফ আসামৰ তৰফৰ পৰা ৰাজ্যিক গৃহলৈ লেপটপ প্ৰদান কৰাৰ লগতে বাইকাৰ্ছ দলৰে এজনৰ এগৰাকী কণমানি কন্যা  গ্ৰেছীয়া আলিয়াই আজি তেওঁৰ জন্মদিনৰ উপলক্ষে এটি উপহাৰ ৰাজ্যিক গৃহলৈ প্ৰদান কৰে ।

এই অনুষ্ঠানতেই বাইকাৰ্ছ  হীনা খাতুন আৰু উপস্থিত বহু কেইগৰাকীয়ে জুবিন গাৰ্গ দেৱৰ গীতৰ শৰাই আগবঢ়াই উপস্থিত ৰাইজক আপ্লুত কৰে। সত্যেন্দ্ৰ মাধৱ মহন্তই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা উক্ত সভাত জিলা উপ আৰক্ষী অধীক্ষক পাৰমিতা চৰকাৰ, জিলা পৰিবহন বিষয়া সীমান্ত বৰা, অসম গৌৰৱ মিনাক্ষী দাস, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া, জিলা শ্ৰম বিষয়া মনদীপ শৰ্মা, ৰাজ্যিক নাৰী আৰু শিশু গৃহৰ অধীক্ষক  অঞ্জু বৰা, জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰিয়া, বাইকাৰ্ছ অফ আসামৰ টিম কৰৰ্ডিনেটৰ ৰাজ বিজয় হাতীকাকতি, দিব্যজ্যোতি কাশ্যপ, মটৰহেড উইনাইটেড অসমৰ সম্পাদক বেদান্ত ৰাজখোৱা লগতে বাইকাৰ্ছসকল, বিভিন্ন গন্য মান্য ব্যক্তি আৰু ৰাজ্যিক গৃহৰ বিষয়া কৰ্মচাৰী,শিশু, কিশোৰীসকল উপস্থিত থাকে।

Related Articles