কংগ্ৰেছৰ উদ্যোগত জুবিনৰ মাহেকীয়া পালনঃ সৰ্ব্বধৰ্ম্ম প্ৰাৰ্থনা নাম প্ৰসংগ

ডিজিটেল সেৱা, নগাঁও: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে আজি নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত নগাঁও জিলা কংগ্রেছৰ উদ্যোগ প্ৰাণৰ শিল্পী “জুবিন গাৰ্গ”ৰ মহাপ্রয়াণৰ সম্পূর্ণ একমাহ হোৱা পৰিপ্ৰেক্ষিতত মাহেকীয়া উদযাপন কৰা হয়। তদুপলক্ষে জনতাৰ শিল্পীজনৰ পবিত্র আত্মাৰ চিৰশান্তি কামনাৰ বাবে এভাগ ‘নাম প্রসঙ্গ” আৰু “সর্বধর্ম প্রার্থনা” সভা অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন,ৰূপহী সমষ্টি বিধায়ক নুৰুল হুদা, নগাওঁ জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণুমনি বৰা,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মৃনাল হাজৰিকা, যুৱ নেতা উৎপল বনিয়া,নগাঁও জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকল, ব্লক কংগ্ৰেছৰ সভাপতি সকল,কংগ্ৰেছ কৰ্মীসকল, সৰ্ব্বসাধাৰন ৰাইজ । এই সৰ্ব্বধৰ্ম্ম প্ৰাৰ্থনা আৰু নাম প্ৰসংগৰ পাছতে কংগ্ৰেছ কৰ্মসকলে মায়াবিনী গানেৰে শেষ শ্ৰদ্ধা জনোবাৰ লগতে জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি দাবী জনায়৷ অনুষ্ঠানৰ শেষত সাংসদ ৰকিবুল হুছেইনে কয় যে-জুবিন গাৰ্গে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰিছে।

এই সময়খিনিত চৰকাৰখনে আন্তৰিকতাৰে মাৰ্জিত ভাষাৰে ৰাইজক বিচৰাখিনি দিব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্যত দেখা গৈছে যে তেওঁৰ আন্তৰিকতা নাই। মই পূৰ্বতে কৈছিলো আৰু আজিও কও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা থকালৈকে জুবিন গাৰ্গৰ ন্যায় নাপায়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এচ আই টিৰ লোক সকল চলাফুৰা কৰা দেখিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিয়ম কানুন ভংগ কৰি তেওঁ যে গৃহমন্ত্ৰীৰ যোগ্য নহয় সেই কথা প্ৰমাণ কৰিছে। লগতে কিবা এটা ঢাকিবলৈ অপচেষ্টা কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে এচ আই টিৰ তদন্তত এনে তথ্য ওলাব যি বিস্ফোৰণ হব। কিন্তু এচ আই টিৰ নিয়ম গোপনীয়তা ৰক্ষা কৰা। তেওঁলোকৰ দুজন বিষয়া চিংগাপুৰৰলৈ তদন্তৰ বাবে যাবহে তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিহৰ ভিত্তিত বিস্ফোৰণ হব বুলি কলে।গতিকে এনেধৰণৰ অপ্ৰাসংগিক কথা কোৱাৰ বাবে তাৎক্ষণিকভাবে মুখ্যমন্ত্ৰীজনে গৃহমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব লাগে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী জনে এদিন কয় হত্যাকাণ্ড, এদিন কয় একোৱেই নাই। তেওঁৰ বক্তব্যৰ পৰা কিবা যেন লুকুৱাব বিচাৰিছে এই ধাৰণা হয়। সেয়ে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো আপুনি সংযম হওক, কমকৈ কওক।

Related Articles