ডিজিটেল সেৱা,বঢ়মপুৰ : নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক যুৱ বৃন্দৰ উদ্যোগত আৰু অঞ্চলটোৰ সমূহ ৰাইজৰ সহযোগত আজি উৰিয়াগাঁও ৰাজহুৱা খেলপথাৰত অসমবাসীৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত স্মৃতিচাৰণ আৰু মাহেকীয়া অনুষ্ঠান ভাগ অনুষ্ঠিত কৰা হয়। পুৱা ভাগত নাহৰ পুলি ৰোপণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে চিকিৎসক ডা: লতিফুৰ ৰহমানে।ইয়াৰ পিছতে জনকন্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উৰিয়াগাঁও আঞ্চলিক যুৱ বৃন্দৰ সভাপতি বিকি হাজৰিকা, বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়া প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলে। দুপৰীয়া নাম প্ৰসংগৰ অন্তত কীৰ্তন পাঠ কৰা হয়। ইয়াৰ মাজতে শিল্পী জুবিন গাৰ্গৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা “জুবিন- অনন্য সুৰৰ সুষমা” শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। গ্ৰন্থ উন্মোচনী ভাষণত বিধায়ক ৰূপক শৰ্মাই কয়- ‘জুবিন গাৰ্গৰ বিষয়ে আমি যিমানখিনি জানো, তাতকৈ তেওঁ বহু ওপৰৰ ব্যক্তি আছিল। মই ভাবো জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। তেওঁ এতিয়াও আমাৰ মাজত জীয়াই আছে। জুবিন গাৰ্গে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত বহু অৱদান আগবঢ়াই থৈ গৈছে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক আমি জুবিন গাৰ্গৰ আদৰ্শৰে আগুৱাই নিব লাগিব।’ মৃদুল হাজৰিকা আৰু ৰাজ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত বিধায়ক শৰ্মাই আৰু কয়-‘জুবিন গাৰ্গৰ মাহেকীয়া অনুষ্ঠানত প্ৰকাশ কৰা এই স্মৃতিগ্ৰন্থখনৰ যোগেদি উঠি অহা প্ৰজন্মই জুবিন গাৰ্গৰ বিষয়ে অধ্যয়ন কৰাৰ সুবিধা হ’ব।’ ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত জুবিন গাৰ্গ স্মৃতি ক্ষেত্ৰ আৰু উৰিয়াগাঁৱত জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে। অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথে শিল্পী জুবিন গাৰ্গক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি ভাষণ প্ৰদান কৰে। উন্মোচনী অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ সভাপতি গীতাঞ্জলি হাজৰিকা, অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক প্ৰদীপ কুমাৰ বৰা, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, অধ্যাপক- লেখক ডঃ ত্ৰিদীপ গোস্বামী, বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়া, সমাজকৰ্মী পীতাম্বৰ শইকীয়া, লেখিকা তথা বিষয় শিক্ষয়িত্ৰী প্ৰহেলিকা কৌশিক প্ৰমুখ্যে উৰিয়াগাঁও আঞ্চলিক যুৱ বৃন্দৰ কৰ্মকৰ্তা আৰু স্থানীয় সহস্ৰাধিক লোক উপস্থিত থাকে। দুপৰীয়া প্ৰসাদ বিতৰণ আৰু অন্ন স্পৰ্শৰ অন্তত দিহানাম পৰিবেশন কৰা হয়। দিহানাম কাৰ্যসূচী শুভাৰম্ভ কৰে জনপ্ৰিয় অভিনেতা যতীন বৰাই। সন্ধ্যা বন্তি প্ৰজ্বলন আৰু অজস্ৰ লোকৰ কণ্ঠত জুবিন গাৰ্গৰ “মায়াবিনী..” শীৰ্ষক কালজয়ী গীতটো পৰিবেশন কৰা হয়।
উৰিয়াগাঁৱত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ঘোষণা বিধায়ক ৰূপক শৰ্মাৰ