কোচ ৰাজবংশী মহিলা সন্মিলনীৰ কৰৈয়নী আঞ্চলিক সমিতি গঠন

ডিজিটেল সেৱা, নগাঁও : সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁৱৰ কৰেয়নীত এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত সন্মিলনীৰ কৰৈয়নী মহিলা আঞ্চলিক সমিতি গঠন কৰা হয়। সন্মিলনীৰ কৰৈয়নী আঞ্চলিক সমিতিৰ সভাপতি বকুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰভাত বৰাই সন্মিলনীৰ দৃষ্টিভংগী ব্যাখ্যা কৰি কয় যে ডিচেম্বৰৰ ভিতৰত কোচ ৰাজবংশীক জনজাতি কৰণ নকৰিলে বিজেপিয়ে সমুচিত উত্তৰ পাব। সম্পাদক জয়ন্ত হাজৰিকাই কয় কোচ ৰাজবংশীৰ জনজাতি কৰণৰ দাবীত তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হব। সভাত সন্মিলনীৰ মহিলা নেত্ৰী অনামিকা ৰাজকুমাৰী আদি কেবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে। সভাত দীপা বৰাক সভানেত্ৰী আৰু ববী বৰাক সম্পাদিকা হিচাপে লৈ সন্মিলনীৰ কৰৈয়নী মহিলা আঞ্চলিক সমিতি গঠন কৰা হয় । সভাৰ আৰম্ভণিতে জনদৰদী শিল্পী জুবিন গাৰ্গ আৰু বীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়।

Related Articles