কলিয়াবৰত বন্য়হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই

ডিজিটেল সেৱা,কলিয়াবৰ: কলিয়াবৰত বন্য়হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই । জনাঞ্চলত বিচৰণ কৰিবলৈ ধৰিছে গজৰাজে ৷ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে বহুতেই পদক্ষেপ গ্ৰহণ কৰিছে যদিও হাতী-মানুহৰ সংঘাত এতিয়াও আঁতৰা নাই । কলিয়াবৰৰ জখলাবন্ধাৰ সমীপবৰ্তী সৰুভগীয়াত দেওবাৰে নিশা প্ৰায় ৭-৩০ বজাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধা নিহত হয় ৷ জানিব পৰা মতে, দিনত শাকমুঠীয়া পথাৰৰ পৰা সৰুভগীয়া গাঁৱৰ পিছফালে পোৱালিসহ এজনী হাতীয়ে বাঁহবাৰীত আশ্ৰয় লৈ আছিল । ডিম্বেশ্বৰী বৰা (৭০) নামৰ মহিলাগৰাকী ঘৰৰ চোতালত পৰিয়ালৰ আন সদস্যৰ সৈতে কথা পাতি থকা অৱস্থাত অতৰ্কিতে আক্ৰমণ চলাই গচকি গুৰুতৰভাৱে আহত কৰে ৷ বন্যহস্তীৰ আক্ৰমণত কিংকৰ্তব্যবিমূঢ় হৈ পৰিয়ালৰ আন-আন সদস্য সকল যেনি তেনি পলাই প্ৰাণ ৰক্ষা কৰে ৷ সংকটজনক অৱস্থাত মহিলা গৰাকীক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে । এই ঘটনাৰ পিছতেই বন বিভাগৰ গাফিলতিৰ অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰে একাংশ লোকে । পিচত কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। এই সন্দৰ্ভত স্থানীয় লোকে জনোৱা মতে, “তিনিটা হাতী আছিল । তাৰে পোৱালি হাতীটো ঘৰৰ ফালে আহি যোৱা বাবে পৰিয়ালৰ আন সদস্য সকলে পলাই যাবলৈ সক্ষম হ’ল যদিও বয়সস্থ মহিলাগৰাকীয়ে প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে । মহিলাগৰাকীক আক্ৰমণ কৰিয়েই হাতীটো সেই স্থানৰ পৰা আঁতৰি যায় ।

Related Articles