নগাঁৱত পুৰ্বৰ উছাহ নাই পোহৰৰ উৎসৱ দীপাৱলীত

ডিজিটেল সেৱা, নগাঁও: পোহৰৰ উৎসৱ দীপাৱলীক লৈ এইবাৰ নগাঁও জিলাত পুৰ্বৰ দৰে ব্যাপক উছাহ- উদ্দীপনা নাই। অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উকলি যোৱাৰ পিছতো সমগ্র ৰাজ্যত শোকাকুল পৰিবেশ অব্যাহত আছে। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায়। এনে পৰিস্থিতিৰ মাজতে আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে পোহৰৰ উৎসৱ দীপাৱলী। পিছে এইবাৰ পুৰ্বৰ দৰে নৱপ্ৰজন্মকে ধৰি সকলো স্তৰৰ ৰাইজৰ মাজত নাই কোনো বিশেষ উছাহ। পুৰ্বতে নগাঁও জিলাত দীপাৱলীৰ কেইদিনমান আগৰে পৰা ফটকা- আতচবাজীৰ চলে এক ৰমৰমীয়া ব্যৱসায়। উত্তৰ পুৰ্বাঞ্চলৰ ফটকাৰ অন্যতম পাইকাৰী বজাৰ নগাঁৱত এইবাৰ পুৰ্বৰ দৰে ফটকা আতছবাজীৰ বিক্ৰী নাই। অসমৰ বিভিন্ন জিলাৰ পৰা বহু লোক ফটকা ক্ৰয় কৰিবলৈ নগাঁৱলৈ আহে। এইবাৰ তেনে পৰিবেশ হোৱা নাই। নগাঁও চহৰকে ধৰি বিভিন্ন স্থানৰ খুচুৰা ব্যৱসায়ী সকলৰ প্ৰতিষ্ঠানতো এইবাৰ ফটকা – আতচবাজীৰ বিক্ৰী সন্তোষজনক নহয়। উচ্চ শব্দ যুক্ত ফটকা বজাৰত উপলদ্ধ নাই বুলিয়েই কব পাৰি। আগতে দীপাৱলীৰ সময়ত নগাঁৱত তিনিদিন আগৰে পৰা ফটকা ,আতচবাজীৰ শব্দত ৰজনজনাই থাকে। পোহৰৰ অত্যাধুনিক আলোকসজ্জাই পোহৰাই ৰাখে। এইবাৰ তেনে পৰিবেশ হোৱা নাই। কম বেছি পৰিমাণে ব্যৱসায়িক প্ৰতিষ্ঠান ,গৃহস্থই আলোকসজ্জাৰ ব্যৱস্থা কৰিছে যদিও পুৰ্বৰ তুলনাত যঠেষ্ট কম। জিলাখনৰ অধিকাংশ গৃহস্থই জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আলোকসজ্জাৰ ব্যৱস্থা কৰা নাই। আলোকসজ্জাৰ ব্যৱসায়ী সকলৰ বিক্ৰীটো প্ৰভাৱ পৰিছে। অৱশ্যে প্ৰতিঘৰ গৃহস্থী আৰু ব্যৱসায়িক প্ৰতিষ্ঠান আদিত মাটিৰ চাকি জ্বলাই দীপাৱলী উদযাপন কৰিছে। কালিপুজা উদযাপন সমিতি সমুহে পৰম্পৰা ৰক্ষা কৰি সম্পূৰ্ণ আধ্যাত্মিকতা ৰক্ষা কৰি কালীপুজা উদযাপন কৰিব। প্ৰায়বোৰ কালিপুজা উদযাপন সমিতিয়ে সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰাৰ লগতে পুজা মণ্ডপৰ সন্মুখত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অৰা দেখা গৈছে জিলাখনৰ চাহবাগিচা সমুহতো এইবাৰ দেৱালী উপলক্ষে পুৰ্বৰ উছাহ পৰিলক্ষিত হোৱা নাই।

Related Articles