ডিজিটেল সেৱা: অসম আৰক্ষীৰ এছ আই টিৰ দল ছিংগাপুৰলৈ ৰাওনা হৈছে । এছ আই টিৰ মুৰব্বী তথা অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলৰ দুজনীয়া এটা দলে ছিংগাপুৰত গৈ জুবিনৰ মৃত্যুৰ তদন্ত কৰিব । এছ আই টিৰ দলটোৱে মঙলবাৰে ছিংগাপুৰ আৰক্ষীৰ সৈতে জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আনুষ্ঠানিক আলোচনাত মিলিত হ’ব । এছ আই টিয়ে প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ তদন্তৰ সৈতে জড়িত ছিংগাপুৰৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতেও আলোচনাত বহিব ।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মাধ্যমৰ আগত কয়, “তেওঁলোক যাঁওক । ঘূৰি অহাৰ পিছত এছ আই টিৰ এছ আই টিৰ মুৰব্বী মুন্না গুপ্তাই সংবাদ মাধ্যমৰ আগত জনাব । তাত আলোচনাৰ পিছতহে আমি সকলো কথা গম পাম । ছিংগাপুৰ ভ্ৰমণত তেওঁলোকে যিখিনি পালে কি আলোচনা কৰিলে সাংবাদিক সকলৰ আগত অৱগত কৰিব ।”উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে কেন্দ্ৰ মন্ত্রণালয়ৰ জৰিয়তে ছিংগাপুৰ এটর্ণী জেনেৰেললৈ জুবিনৰ ঘটনাৰ তদন্তত সহযোগ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল । ইয়াৰ পৰিপ্রেক্ষিতত ছিংগাপুৰ আৰক্ষীয়ে এছ আই টিক তদন্তৰ বাবে সেউজ সংকেত দিছে ।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা এছ আই টিৰ দল