ডবকাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰি এৰিছে বেদখলকাৰীয়ে

জমিৰ উদ্দিন তালুকদাৰ

আশীৰ দশকৰ এখন অটব্য-অৰণ্যৰ ভয়াৱহ বেদখলৰ কাহিনী ‘অসম আদিত্য’ত সবিস্তাৰে প্ৰকাশ পাইছিল৷ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ কেইবা হেজাৰ বিঘা ভূমি বেদখলৰ তথ্য বন বিভাগৰ জৰীপত পোহৰলৈ অহাৰ পিছত অচিৰেই বেদখলমুক্ত হোৱাৰ এক আশা পোহৰলৈ আহিছে৷ ইতিমধ্যে বন বিভাগে ১২শৰো অধিক লোকলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে৷ হোজাইৰ ডিএফঅ’ দেৱজ্যোতি নাথৰ নিৰ্দেশত বন বিভাগৰ এটা দলে পৃথকে পৃথকে অভিযান চলাই যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ মাটিৰ বেদখলৰ জৰীপ কাৰ্য সমাপণ কৰে৷ দক্ষিণ নগাওঁ বন সংমণ্ডলৰ অধীনত থকা যমুনা উপত্যকা বনাঞ্চলিক বিষয়াৰ অন্তৰ্গত ডবকা বনাঞ্চলিক বিষয়াৰ অধীনৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ কেইবা হেজাৰ বিঘা ভূমি বেদখলকাৰীয়ে দখল কৰি গাওঁ সাজি লোৱাৰ পিছত বন বিভাগে উচ্ছেদৰ বাবে জাননী জাৰি কৰিছে৷ দক্ষিণ নগাওঁ বন সংমণ্ডল প্ৰাধিকাৰী দেৱজ্যোতি নাথ স্বাক্ষৰিত উচ্ছেদৰ জাননী আজি বিভাগে বেদখলকাৰীলৈ প্ৰেৰণ কৰে৷ জাননীখনত উল্লেখ থকা মতে, যমুনা উপত্যকা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত নিৰ্ধাৰিত সীমাৰ ভিতৰৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ ভূমি অবৈধভাৱে বেদখল কৰি বিভিন্ন নিষিদ্ধ কাৰ্যকলাপ চলাই আছে৷ বেদখলকাৰীয়ে গছ-গছনি কটা, ঘৰ নির্মাণ কৰা, ব্যৱসায়িক গছ-গছনি (যেনে তামোল-পাণ) ৰোপন কৰা, পুখুৰী খন্দা আৰু বনাঞ্চলৰ মাটি কৃষিৰ বাবে ৰূপান্তৰ কৰা আদি চলাই আহিছে। এনে ধৰণৰ কাম-কাজক অসম বন আইনৰ নিয়মাৱলী, ১৮৯১ (১৯৯২ চনত সংশোধিত) ৰ ২৪ আৰু ২৫ নং ধাৰাৰ অধীনত বেআইনী বুলি বিবেচিত কৰা হয়। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ Suo Moto PIL No. 1/2022 ৰ লগতে WA No. 251/2025 & WA No. 252/2025 (১৮/০৮/২০২৫ তাৰিখৰ আদেশ) মর্মে বন বিভাগক সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ বেদখল আঁতৰাবলৈ নিৰ্দেশ দিয়ে আৰু বেদখলকাৰীক যুক্তিসংগতভাৱে তেওঁলোকৰ উপস্থিতি বুজাবলৈ ১৫ দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে অতিৰিক্তভাৱে বনাঞ্চলৰ ভিতৰৰ মাটি খালি কৰিবলৈ আৰু ১৫ দিনৰ সুযোগ দিয়াৰ নিৰ্দেশ আছে৷ বন বিভাগৰ উচ্ছেদৰ জাননীৰ পিছতেই ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে একাংশ বেদখলকাৰীয়ে নিজে নিজে ঘৰ ভাঙি অন্য স্থানলৈ ঢাপলি মেলিছে৷ উল্লেখ্য যে, সংৰক্ষিত/সুৰক্ষিত বনাঞ্চলৰ ভূমিৰ ভিতৰত অকর্তৃত্বশীলভাৱে থকা আৰু বেআইনী কাৰ্যকলাপ অসম বন নিয়ম, ১৮৯১ ৰ অধীনত দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হয়।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদ অভিযান চলোৱা হ’ব আৰু উচ্ছেদ প্রক্রিয়াৰ সময়ত হোৱা কোনো ধৰণৰ ক্ষতি বা লোকচানৰ বাবে বন বিভাগ দায়ী নহ’ব বুলি উচ্ছেদৰ জাননীখনত উল্লেখ কৰা হয়৷ উদমাৰী, যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ কেবা হেজাৰ বিঘা ভূমি বেদখলমুক্ত হব৷ উচ্ছেদিত ভূমিত যাতে পুনৰ বাৰ কোনো দুষ্ট লোকে খেতি বাতি বা দখল কৰিব নোৱাৰে, তাৰ প্ৰতি বন বিভাগ সষ্টম হৈ থাকিব লাগিব৷

Related Articles