ডিজিটেল সেৱা, নগাঁও: মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। অৰুণোদয়, মহিলা উদ্যমিতা আচনিয়ে ভাৰতৰ আন আন ৰাজ্যক পথ দেখুৱাইছে। অসমৰ মহিলা সকলক সকলো দিশৰ পৰাই আগুৱাই নিয়াটো আমাৰ চৰকাৰৰ দ্বায়িত্ব। আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত ,অসম গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত আৰু নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত অনুষ্ঠিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ অৰ্হতা সম্পন্ন মহিলাসকলক ১০ হাজাৰ টকাৰ বীজ মুলধন প্ৰদান কৰি এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় তৃতীয় সংস্কৰণৰ সংকল্প বাস্তবায়িত হৈছে। ৰাজ্যখনৰ ৩২ লাখ পৰিয়ালক এই আচনিৰ অধীনত প্ৰতিমাহে ১২৫০ টকাকৈ দি থকা হৈছে। অৰুণোদয়- মহিলা উদ্যমিতা আদি আচনিৰ জৰিয়তে আমাৰ সমাজ উপকৃত হৈছে। আমি দৰিদ্ৰ জনগনৰ উন্নয়নৰ বাবে বিভিন্ন আচনি গ্ৰহণ কৰিছো আৰু এইক্ষেত্ৰত আমাৰ চৰকাৰ সফল হৈছে। ৰাজ্যখনৰ দ্ৰুত পৰিবৰ্তন আনিবলৈ সক্ষম হৈছো।

মুখ্যমন্ত্ৰী ড: শৰ্মাই কয় যে আমাৰ এই আচনি সমুহৰ অনুকৰণ কৰিছে পশ্চিমবংগ ,জাৰখণ্ড, সতীশগড় ,মহাৰাষ্ট্ৰ ,হাৰিয়ানা আদিৰ দৰে অৰ্থনৈতিক ভাবে শক্তিশালী কেবাখনো বহি: ৰাজ্যই। বহু ৰাজ্যক উন্নয়নৰ ৰাস্তা দেখুৱাইছে অসমে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে অসমৰ মহিলা উদ্যমিতা আচনিৰ বিষয়ে বিহাৰ প্ৰশাসনৰ বিষয়াবৰ্গক বুজাই দিবলৈ কৰা অনুৰোধৰ কৰা অনুৰোধৰ কথা উল্লেখ কৰি ড:শৰ্মাই কয় যে এইক্ষেত্ৰত মই তেওঁলোকক উৎসাহ যোগাইছো। কংগ্ৰেছে এই আচনিৰ সমালোচনা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কংগ্ৰেছ শাসিত কৰ্ণাটক চৰকাৰে এতিয়া আমাৰ পৰা অৰুণোদয় আচনি লৈ গৈছে। এতিয়া মহিলাৰ বিৰুদ্ধে অপৰাধ জনিত ঘটনা কমি অহাৰ কথা উল্লেখ কৰি কয় যে এচামে আমাৰ এই আচনিৰ সমালোচনা কৰে।

কিন্তু তেওঁলোকে বুজি নাপায় ইয়াৰ বিকল্প কি? ৰাজ্যখনত ৪ লাখ আত্মসহায়ক গোট আছে। ইয়াৰ লগত ৪০ লাখ মহিলা জড়িত হৈ আছে। মুখ্যমন্ত্ৰী ড: শৰ্মাই লগতে কয় যে অসমত ২১ হাজাৰ কোটি টকাৰ ঋণ লৈছে মহিলাই।এই ঋণৰ ৯৯ শতাংশ ধন ঘুৰাই দিছে। এইয়া ৰাজ্যখনৰ বাবে শুভলক্ষণ। আঠ লাখ মহিলা লাখপতি মহিলা হবলৈ আগবাঢ়িছে। ইয়াৰ জৰিয়তে মহিলা সকল অৰ্থনৈতিক ভাবে শক্তিশালী হোৱাৰ লগতে নিজৰ পৰিয়াল সন্তানক আগুৱাই নিয়াত সফল হৈছে। এই আচনিৰ জৰিয়তে মহিলা সকলক উদগনি যোগোৱাটো চৰকাৰৰ দ্বায়িত্ব। তেওঁ কেবাগৰাকী মহিলা আৰু আত্মসহায়ক গোট স্বাৱলম্বী হোৱাৰ উদাহৰণ ডাঙি ধৰে। মহিলা উদ্যমিতা আচনিৰ জৰিয়তে মহিলা সকলক কৰ্মমুখী কৰি দোপতদোপে আগুৱাই নিয়া আমাৰ লক্ষ্য। নিযুত মইনা আচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বৰ্ষত আমি ৫৮ হাজাৰ ছাত্ৰীক অন্তৰ্ভুক্ত কৰিছিলোঁ। এইবাৰ ১ লাখ ৫৮ হাজাৰে আবেদন কৰিছে। কংগ্ৰেছে আমাৰ এই আচনিৰ সমালোচনা কৰি কয় ‘আমি হিতাধিকাৰী সৃষ্টি কৰিছো’।

কিন্তু এই আচনিৰ জৰিয়তে কৰবাত নহয় কৰবাত সহায় হৈছে। বিদ্যালয় ,মহাবিদ্যালয়ৰ সন্মুখত থকা চাইকেল ,স্কুটি দেখি উপলব্ধি হয় এই কথা বতৰাই প্ৰমাণ কৰিছে যে কিমান পৰিবৰ্তন হৈছে। মই যদি নিযুত মইনা আচনি বন্ধ কৰি দিও ছাত্ৰী সকলৰ একাংশই আধাতে শিক্ষা সাং কৰিব। তেওঁলোকৰ নিজৰ সপোন বাস্তবায়িত কৰাত সক্ষম নহব। একেদৰে অৰুণোদয় আচনি বন্ধ কৰি দিলে মহিলা সকলে আনৰ ওচৰত হাত পাতিব লাগিব। সেয়ে আমি সমাজখনক আগুৱাই নিবৰ বাবে , সকলোৱে যাতে নিজৰ ভৰিত থিয় দিব পাৰে তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড: শৰ্মাই অসমক দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিৱৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুলাগাভৰু ,কনকলতা প্ৰসঙ্গ উল্লেখ কৰি ড : শৰ্মাই কয় যে এইসকল মহান মহিলা সকলোৰে বাবে আদৰ্শ। নিৰ্বাচনৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ কথা উল্লেখ কৰি ড:শৰ্মাই কয় ঘৰখন চলাবলৈ কষ্ট হয়। সেয়ে দৰিদ্ৰ জনগনক সকাহ দিয়াৰ বাবে এই আচনি গ্ৰহণ কৰিছোঁ। ৰাজ্যখনৰ ৬৭ লাখ লোকে প্ৰতিমাহে বিনামূলীয়া চাউল পাই আছে। নৱেম্বৰ মাহৰ পৰা দালি ,নিমখ ,চেনী ৰেহাই মুল্যত দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অহা জানুৱাৰীৰ পৰা গেছৰ ২৫০ টকা ৰাজসাহায্য প্ৰদান কৰা হব। কংগ্ৰেছে আমাৰ এই আচনিৰ সমালোচনা কৰে কিন্তু কংগ্ৰেছৰ মানুহে কিয় বিনামূলীয়া চাউল ,অৰুণোদয় আচনিৰ সুবিধা কিয় লৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে। এইক্ষেত্ৰত আমি কংগ্ৰেছ – বিজেপি বিচাৰ কৰা নাই।

আমি সকলোকে দিছো। চৰকাৰে ৰেহাই মুল্যত মিঠাতেল দিয়া হব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় সৰুতে জ্বৰ হলে মায়ে মিঠাতেল গৰম কৰি ভৰিৰ তলত মালিছ কৰি দিয়ে। কংগ্ৰেছে মাকৰ এই মৰম বুজি নাপায়।কংগ্ৰেছৰ লোক সকলক সৰুতে মাকে মিঠাতেলেৰে মালিছ কৰা নাছিল। মাকে বুজি পায় ই ডাঙৰ হলে ডাক্তৰ – ইঞ্জিনীয়াৰ হব নোৱাৰে। কংগ্ৰেছ হব। মিঠাতেল নহলে কংগ্ৰেছে এদিন খাই চাওঁক।আমি মাৰ তেলৰ মালিছৰ মাজত ডাঙৰ হৈছো। সেয়ে আমি মাৰ মৰম বুজি পাও বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় – মিঠাতেল হৈছে মাক আৰু পুতেকৰ মাজৰ মমতাৰ প্ৰতীক। আমি মানুহৰ কল্যাণৰ বাবে কিবা পদক্ষেপ ললে কংগ্ৰেছে বেয়া পায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড শৰ্মাই কয় যে দুখীয়া মানুহক সহায় কৰিবৰ বাবে ৰাইজে মোক মুখ্যমন্ত্ৰী পাতিছে। একলাখক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ আৰু এতিয়া নবেম্বৰত দুইলাখলৈ নিযুক্তি বৃদ্ধি হব। পৰৱৰ্তী সময়ত ইয়াৰ সংখ্যা চাৰিলাখলৈ বৃদ্ধি হব। অহা ফেব্ৰুৱাৰী মাহত অসমবাসীক এটা ডাঙৰ উপহাৰ দিম বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক সমালোচনা কৰি কয় কংগ্ৰেছৰ দিনত কাজিৰঙাৰ গড় কেইটাকো সুৰক্ষা দিব পৰা নাছিল। বিধায়ক ৰূপক শৰ্মাক প্ৰশংসা কৰি ড: শৰ্মাই কয় যে আগতে নগাঁৱলৈ আহিলে নগাঁৱৰ পথত ৰকিবুলৰ হৰ্ডিং দেখিছিলো। এতিয়া নগাঁৱত চাৰিওফালে উন্নয়নৰ ছবি দেখা পাও।

অসম গ্ৰামীণ জীবিকা অভিযানৰ সঞ্চালক কুন্তল মণি শৰ্মা বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰদান কৰি নগাঁৱৰ উন্নয়নৰ কথা উল্লেখ কৰে আৰু মুখ্যমন্ত্ৰী ড : হিমন্ত শৰ্মাই ইয়াৰ বাবে কৰা শক্তিশালী পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত মন্ত্ৰী কেশৱ মহন্ত , বিধায়ক ক্ৰমে জিতু গোস্বামী ,দিপ্লুৰঞ্জন গোস্বামী ,শশীকান্ত দাস ,নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা , নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ , জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ,জেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা ,সমাজকৰ্মী ৰঞ্জিত বৰদলৈ ,মণিমাধৱ মহন্ত ,সুৰেশ বৰা, আদি উপস্থিত থাকে। আজি নগাঁও – বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত ২৬,৫৮৫ গৰাকী মহিলাক উদ্যমিতা আচনিৰ বীজ মুলধন প্ৰদান কৰা হয়। ইয়াৰ পিছত মুখ্যমন্ত্ৰী ড : হিমন্ত বিশ্ব শৰ্মাই নগাঁও আবৰ্ত ভৱন চাৰিআলিৰ পৰা পানীগাও চাৰিআলিলৈ ষ্ট্ৰীট লাইট আৰু ৰিফ্ৰেক্টিভ পে’ভমেণ্ট মাৰ্কাৰ যুক্ত গৌৰৱ পথ , নতুন বজাৰৰ কেবামহলীয়া বজাৰগৃহ , অত্যধুনিক চুইমিং পুল আৰু নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় গৃহ উদ্ধোধন কৰে।