কান্দুলিমাৰি ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহৎ স্বাস্থ্য শিবিৰ

ডিজিটেল সেৱা, নগাঁও :শুশ্ৰুষা সেতুৰ অধীনত ৰাজ্যজুৰি অনুষ্ঠিত হোৱা বৃহৎ স্বাস্থ্য শিবিৰৰ অংশ স্বৰূপে ২৩ অক্টোবৰ তাৰিখে নগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও জিলাৰ ৰূপহী বিধান সভা সমষ্টিত চতুৰ্থটো বৃহৎ স্বাস্থ্য শিবিৰ সফলভাৱে অনুষ্ঠিত কৰা হয়। এই শিবিৰৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে স্থানীয় বিধায়ক নুৰুল হুদাই। উদ্বোধনী ভাষণত বিধায়ক গৰাকীয়ে জনসাধাৰণৰ স্বাস্থ্যৰ সজাগতাৰ বাবে চৰকাৰে গ্রহণ কৰা এই পদক্ষেপৰ বাবে প্রথমেই ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।

উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ১৮ বছৰৰ ভিতৰৰ শিশুসকলক নিৰ্ধাৰিত ৰোগ সমূহৰ চিনাক্তকৰণত এই বৃহৎ স্বাস্থ্য শিবিৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী পৰ্য্যায়ত উন্নত চিকিৎসা প্ৰদান কৰাৰ বিষয়ে অৱগত কৰে।

অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) সুদীপ নাথ, ৰূপহীহাট ৰাজহ চক্ৰৰ, চক্ৰ বিষয়া পুলক বিশ্বাস, নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডাঃ তপন কুমাৰ শইকীয়া, মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া, দগাওঁ খণ্ড প্রাথমিক চিকিৎসালয়, ডাঃ জয়নাল আবেদিন ফাৰুকী,

কান্দুলীমাৰি ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, দিনেশ চন্দ্ৰ শইকীয়া, জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সভাপতি, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্রবন্ধকৰ সমূহ বিষয়ববীয়া, দগাঁও খণ্ড আঁচনি প্রবন্ধকৰ সমূহ বিষয়ববীয়াকে প্রমুখ্য কৰি বিভিন্ন বিভাগৰ চিকিৎসকৰ লগতে বিশেষজ্ঞ চিকিৎসকসকল, স্বাস্থ্য বিভাগৰ বিভাগীয় কৰ্মচাৰী, স্বাস্থ্যকর্মীৰ লগতে স্থানীয় লোক উপস্থিত থাকে।

শিবিৰত ৪২২২গৰাকী লোকৰ নাম পঞ্জীয়ন কৰা হয় আৰু ইয়াৰে প্ৰায় ১৫০ গৰাকী লোকক পৰৱৰ্তী পৰ্য্যায়ৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰ সু-ব্যৱস্থা কৰা হয়। এই স্বাস্থ্য শিবিৰত স্বাস্থ্য সেৱাৰ সুবিধাৰ বাবে পঞ্জীয়ন ডেস্ক, ম’বাইল লেবৰেটৰী, জেনেৰেল লেবৰেটৰী, জেনেৰেল অ’পিডি, আয়ুষ আৰু কেঞ্চাৰ অ’পিডি স্থাপন কৰাৰ লগতে ম’বাইল মেডিকেল ইউনিট, এন. চি. ডি. আদিৰ ব্যৱস্থা কৰা হয়।

ইয়াৰোপৰি স্বাস্থ্যজনীত বিভিন্ন দিশৰ ওপৰত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

Related Articles