ডিজিটেল সেৱা : অমৃত কণ্ঠ, অসমীয়া জনজীৱনৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি নগাঁও চহৰত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই এক বৃহৎ সমদল উলিয়াই। নগাঁও চহৰৰ বিভিন্ন প্ৰান্তৰ মাজেৰে উলিওৱা এই ন্যায় সমদলে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ছাত্ৰ সন্থাৰ কৰ্মী সকলে জুবিন গাৰ্গক ন্যায় দিয়ক , অসম চৰকাৰ হায় হায় ,পানী নসৰকা এছ আই টিৰ তদন্ত প্ৰতিবেদন দাখিল কৰক , জুবিনক লৈ ৰাজনৈতিক দলে কৰা ৰাজনীতি বন্ধ কৰক , আমাক ন্যায় লাগিবই আদি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। আজিৰ এই কাৰ্যসূচীত আছুৰ বিত্ত সম্পাদক গৌৰী শংকৰ শইকীয়া ,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৃগাংক শেখৰ ভড়ালী হাজৰিকা , সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা , সাধাৰণ সম্পাদক কংকনজ্যোতি বৰুৱাকে ধৰি চাৰিশতাধিক ছাত্ৰ- ছাত্ৰী আৰু আছুৰ সমৰ্থকে অংশগ্ৰহণ কৰে।
জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত নগাঁৱত আছুৰ ‘ন্যায় সমদল’