৯৫ শতাংশ উত্তীৰ্ণৰে বৰ্ডৰ পৰীক্ষাত উজলিল জামিয়া জয়নগৰ মাদ্ৰাছা

জমিৰ উদ্দিন তালুকদাৰ

উত্তৰ পূৰ্বাঞ্চলৰ ইছলামিক আৰু আধুনিক শিক্ষাৰ সৰ্ববৃহৎ অনুষ্ঠান ঐতিহ্যমণ্ডিত জামিয়া অসম দাৰুল হাদীছ জয়নগৰে এইবাৰ ২০২৫-‘২৬ শিক্ষা বৰ্ষৰ বৰ্ডৰ ছমহীয়া পৰীক্ষাত চমকপ্রদ ফলাফল প্রর্দশন কৰিবলৈ সক্ষম হয়। আজি এই উপলক্ষে মাদ্ৰাছাত এখন সংবাদমেলৰ আয়োজন কৰা হয়৷ মাদ্ৰাছাৰ শিক্ষা সচিব মৌলানা বাহাৰ উদ্দিন বাহাৰে সংবাদ মেলত সদৰি কৰা মতে, জয়নগৰ মাদ্ৰাছাৰ এইবাৰৰ ফলাফল বিগত বছৰ সমূহৰ তুলনাত যথেষ্ট উন্নত হৈছে। যোৱা মাহত সদৌ অসম তালিমী তৰক্কী বৰ্ডৰ তত্বাৱধানত অসম ভিত্তিত অনুষ্ঠিত ছমহীয়া বৃত্তি পৰীক্ষাৰ ঘোষিত ফলাফলত জয়নগৰ মাদ্ৰাছাৰ ছাত্ৰসকলে অসমৰ ভিতৰত সৰ্বাধিক বৃত্তি আৰু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। বৰ্ডৰ বৃত্তি পৰীক্ষাত জয়নগৰ মাদ্ৰাছাৰ পৰা ৭২২ জন ছাত্রই অংশগ্ৰহণ কৰে আৰু ইয়াৰে মুঠ ৬৪ জন ছাত্রই বৃত্তি আৰু ১২ জন ছাত্রই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। মাদ্ৰাছাৰ শিক্ষা সচিবে প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়া মতে, মাদ্ৰাছাৰ মুঠ ৪৯৪ জন ছাত্ৰই প্রথম স্থান, ১২৩ জন ছাত্ৰই দ্বিতীয় স্থান, ২৬ জন ছাত্ৰই তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে অনুগ্রহপূৰ্বক উত্তীৰ্ণ হয় ৪২ জন৷ ইয়াৰে ৩৭ জন ছাত্ৰ অনুত্তীৰ্ণ হয়৷ মুঠ উত্তীৰ্ণৰ হাৰ ৯৫ শতাংশ৷ উল্লেখ্য যে, দাওৰায়ে হাদীছ (টাইটেল) বৰ্ষৰ ছাত্ৰ মুছা আলীয়ে অসমৰ ভিতৰত শীৰ্ষস্থান লাভ কৰি প্ৰথম বৃত্তি লাভ কৰি মাদ্ৰাছাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ মাদ্ৰাছাখনৰ এই ফলাফলত ছাত্ৰসকলৰ সমান্তৰালকৈ শিক্ষকসকল, পৰিচালনা সমিতিৰ বিষয়ববীয়া, সদস্য বৃন্দ তথা স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰে। মাদ্ৰাছাৰ ছাত্ৰৰ এই চমকপ্ৰদ ফলাফলত উৎফুল্লিত হৈ পৰে মাদ্ৰাছাৰ শিক্ষা উপদেষ্টা মৌলানা মস্তাক আনফৰ, পৰিচালনা সমিতিৰ সভাপতি হবিব মহম্মদ চৌধুৰী চাহাবৰ লগতে স্থানীয় ৰাইজ৷ ৰাইজে পৰিচালনা সমিতিলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে মুহতামিম চাহাব, মাদ্ৰাছাৰ অধ্যক্ষ, পৰিচালনা সমিতি, শিক্ষা উপ-সমিতিৰ সদস্য বৃন্দ, শিক্ষক মণ্ডলীৰ শলাগ লয়। মাদ্ৰাছাৰ শিক্ষা বিভাগৰ উপদেষ্টা মৌলানা মস্তাক আনফৰ চাহাবে আজিৰ সংবাদমেলত উপস্থিত থাকে এই ফলাফলক লৈ নিজৰ সন্তুষ্টি ব্যক্ত কৰাৰ লগতে এয়া সফলতাৰ প্ৰথমটো ঢাপ বুলি উল্লেখ কৰে৷ এতিয়াও গলপোষ্ট বহু দূৰ বুলি মন্তব্য কৰাৰ লগতে মাদ্ৰাছাখনক অসমৰ এখন জাকত-জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ কথা ব্যক্ত কৰে মৌলানা মস্তাক আনফৰে৷ চলিত বৰ্ষৰ ৭ এপ্রিলৰ পৰা নতুন শিক্ষা বৰ্ষৰ আৰম্ভণি হয় আৰু ন-পুৰণি মিলাই সর্বমুঠ ১২৮৭ জন ছাত্রৰ নামভর্তি কৰা হয়। মাদ্ৰাছাখনৰ ছাত্ৰৰ শৈক্ষিক দিশটো আগত ৰাখি মাদ্ৰাছাখনৰ মুখ্য উপদেষ্টা মৌলানা মস্তাক আনফৰ চাহাবৰ পৰামৰ্শ মতে পৰিচালনা সমিতিয়ে এইবাৰৰ পৰা প্ৰতি বৃহস্পতিবাৰে থকা মাদ্ৰাছাৰ অৰ্ধ ছুটিৰ দিনতো দুয়োবেলা পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰে। মাদ্ৰাছাখনৰ ইতিহাসত কোনো কমিটিয়ে গ্ৰহণ নকৰা এয়া প্রথম পদক্ষেপ। যাৰ বাবে আজিৰ এই চমকপ্ৰদ ফলাফল বুলি উল্লেখ কৰে৷ আজিৰ সংবাদমেলত উপস্থিত থাকে মাদ্ৰাছাৰ সাধাৰণ সম্পাদক মৌলানা তৈয়বুৰ ৰহমান কাছিমী চাহাব, অধ্যক্ষ মৌলানা সামচুল হক চাহাব৷

Related Articles