নগাঁৱত ফাঁচিকাঠত ওলমিল শ্যামকানু-সিদ্ধাৰ্থ পুত্তলিকা

ডিজিটেল সেৱা: নগাঁও চহৰৰ মাজমজিয়াৰ নতুন বজাৰৰ ৰাজপথত বৃহস্পতিবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ দুই মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পুত্তলিকা ফাঁচিকাঠত ওলোমাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই কয়, “জনতাৰ আদালতত ইতিমধ্যেই দোষী সাব্যস্ত হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা । জনতাৰ আদালতত দোষী সাব্যস্ত হোৱা বাবেই দুই অভিযুক্তক আমি প্ৰতীকী ৰূপত ফাঁচি দি কাৰ্যতঃ দুয়োৰে ফাঁচিৰ দাবী জনাইছোঁ ।” প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি নগাঁও জিলাৰ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি প্ৰবাল শৰ্মাই কয়, “জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তৰ বিচাৰ ন্যায় ব্যৱস্থাই কৰিব, কিন্তু দুই মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাইজে দোষী সাব্যস্ত কৰাত আমি দুয়োৰে পুত্তলিকাক ফাঁচি দিছোঁ ।”

Related Articles